চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ দেহাৱসান...

বিজয় শংকৰৰ মৃত্যুত চিবিআইৰ প্ৰাক্তন সঞ্চালক অনিল সিনহাই শোক প্ৰকাশ কৰি কয়, "এয়া দুখজনক আৰু দুৰ্ভাগ্যজনক। আমি এগৰাকী ভদ্ৰলোকক হেৰুৱালোঁ। এজন সৎ আৰু সাহসী বিষয়া যাক আমি তেওঁৰ চোকা বুদ্ধি আৰু নীতিগত আচৰণৰ বাবে চিনি পাইছিলো।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  দীৰ্ঘদিনীয়া অসুস্থতাৰ ফলত ৭৬ বছৰ বয়সত মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰে। তেওঁৰ শেষ ইচ্ছা অনুসৰি, তেওঁৰ দেহটো এইমছলৈ দান কৰা হ'ব বুলি পৰিয়ালে অৱগত কৰিছে।বিগত কেবাদিনে শংকৰ নয়ডাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ আছিল। 

Advertisment

উল্লেখ্য যে, বিশিষ্ট আৰু মেধাৱী সেৱাৰ বাবে সন্মানীয় ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ কৰা শংকৰে উত্তৰ প্ৰদেশ আৰক্ষী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত মস্কোতো কাৰ্যনিৰ্বাহ কৰিছিল।

বিজয় শংকৰৰ মৃত্যুত চিবিআইৰ প্ৰাক্তন সঞ্চালক অনিল সিনহাই শোক প্ৰকাশ কৰি কয়, "এয়া দুখজনক আৰু দুৰ্ভাগ্যজনক। আমি এগৰাকী ভদ্ৰলোকক হেৰুৱালোঁ। এজন সৎ আৰু সাহসী বিষয়া যাক আমি তেওঁৰ চোকা বুদ্ধি আৰু নীতিগত আচৰণৰ বাবে চিনি পাইছিলো। তেওঁৰ মৃত্যুৰ বাবে আমি গভীৰভাৱে শোক প্ৰকাশ কৰিছো।"

উল্লেখ কৰা প্ৰয়োজন যে, উত্তৰ প্ৰদেশ কেডাৰৰ ১৯৬৯ বেচৰ আই পি এছ বিষয়া শংকৰে ২০০৫ চনৰ ১২ ডিচেম্বৰৰ পৰা ২০০৮ চনৰ ৩১ জুলাইলৈকে চিবিআইৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। নিজৰ কাৰ্যকালত তেওঁ কেবাটাও হাই প্ৰ'ফাইল ঘটনাৰ তদন্ত কৰিছিল। উদাহৰণস্বৰূপে আৰুশী তলৱাৰ-হেমৰাজ ডাবল হত্যাকাণ্ডৰ গোচৰ।

চিবিআইৰ অতিৰিক্ত সঞ্চালক হিচাপে তেওঁ টেলজি কেলেংকাৰীৰ তদন্তৰ তদাৰক কৰিছিল। লগতে পৰ্তুগালৰ পৰা গেংষ্টাৰ আবু চালেম আৰু অভিনেত্ৰী মনিকা বেডীক প্ৰত্যাৰ্পণ কৰিছিল। 

চিবিআইৰ সঞ্চালক হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে শংকৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বিভাগৰ মুৰব্বী হিচাপে কাম কৰিছিল আৰু বিএছএফত মহাপৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 

বিজয় শংকৰ