পাৰিষদ হিচাপে শপত গ্ৰহণ কৰিলে বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োয়ে

ইউপিপিএল দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, ইউপিপিএলৰ পাৰিষদ ৰাকেশ ব্ৰহ্ম আৰু বিজেপিৰ পাৰিষদ ৰেখাৰাণী দাস বড়োৱে আজি বিটিচিৰ পাৰিষদ হিচাপে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে ৷

author-image
Asomiya Pratidin
New Update
new ap web 1 (5)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ইউপিপিএল দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, ইউপিপিএলৰ পাৰিষদ ৰাকেশ ব্ৰহ্ম আৰু বিজেপিৰ পাৰিষদ ৰেখাৰাণী দাস বড়োৱে আজি বিটিচিৰ পাৰিষদ হিচাপে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে ৷ কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিচি সচিবালয়ত বিটিচি বিধান পৰিষদৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে তিনিও গৰাকীকে শপত বাক্য পাঠ কৰায় ৷
ইফালে, শপতগ্ৰহণ অনুষ্ঠানৰ অন্তত বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কয় যে, শপত গ্ৰহণ অনুষ্ঠানৰ দিনাখন আহিব নোৱাৰাৰ বাবে আজি শপত গ্ৰহণ কৰিলো। অনাগত সময়ছোৱাত বিটিচি অঞ্চলৰ উন্নয়ন আৰু ২৬ টা জনগোষ্ঠীয়ে যাতে একেলগে আগবাঢ়ি যাব পাৰে তাৰ বাবে মাত মাতি যাম । তদুপৰি বিধানপৰিষদত সবল ভূমিকা গ্ৰহণ কৰাৰ লগতে ৰাইজৰ সমস্যা সমাধানৰ হকে মাত মাতি যাব বুলি মন্তব্য কৰি চৰকাৰখনে নিকা- সচ্ছতা আৰু দায়বদ্ধতাৰে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰিছে প্ৰমোদ বড়োৱে।

WhatsApp Image 2025-10-24 at 7.32.26 PM

প্ৰমোদ বড়োৱে লগতে উল্লেখ কৰে যে, ৰাজনীতিত উত্থান-পতন আছেই। বৰ্তমান ইউপিপিএল দলে ভুল- ভালৰ পৰ্যালোচনা কৰি আছে। মিচন-ভিজনৰ সুফল পাবলৈ তথা প্ৰভাৱ পৰিবলৈ কিছুদিন সময় লাগিব বুলি মন্তব্য কৰি সকলো জাতি -জনগোষ্ঠীয়ে শান্তি-উন্নয়ন আৰু সহৱস্থানেৰে আগবাঢ়ি যাব লাগিব বুলি মন্তব্য কৰিছে নেতাগৰাকীয়ে। 

WhatsApp Image 2025-10-24 at 7.32.25 PM

আনহাতে, এনডিএৰ সতে মিত্ৰতা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নোত্তোৰত প্ৰমোদ বড়োৱে কয় যে, এনডিএত থকা -নথকা বিষয়টো সন্দৰ্ভত দলীয় মজিয়াত আলোচনা চলি আছে । আজিও কৰ কমিটিৰ বৈঠক আছে। এই বিষয়ত আমি খৰখেদাকৈ সিদ্ধান্ত লব বিচৰা নাই। বিটিচিৰ ৪০ টা পৰিষদীয় সমষ্টিতে আমি শক্তিশালী হৈ আছো । অনাগত সময়ছোৱাতো আমি ৰাইজৰ হকে কাম কৰি যাম । আমাৰ দলীয় বিধায়ক , নিৰ্বাচিত পাৰিষদৰ সতেও আলোচনা অব্যাহত আছে। এনডিএৰ সতে মিত্ৰতা থকা-নথকা সন্দৰ্ভত অহা নৱেম্বৰত দলে সিদ্ধান্ত লব বুলি সদৰি কৰিছে ইউপিপিএলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহীগৰাকীয়ে। 
একেদৰে, কোকৰাঝাৰৰ আইইডি বিস্ফোৰণৰ ঘটনাক গৰিহণা দি প্ৰমোদ বড়োৱে কয় যে, বড়োলেণ্ড অঞ্চলত হত্যা-হিংসা, বে-আইনী অস্ত্ৰ-শস্ত্ৰ থকাটো নিবিচাৰো। সমাজ অস্থিৰ কৰা কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য  নহয় বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয় যে বহুদিনৰ পিছত অঞ্চলটোলৈ ঘূৰি অহা শান্তি অপৰিবৰ্তিত ৰাখিবলৈ বদ্ধপৰিকল্প হ'ব লাগিব । অনাগত সময়ছোৱাত চৰকাৰৰ কামৰ ওপৰতো ইউপিপিএলে নজৰ ৰাখিব বুলি সদৰি কৰিছে প্ৰমোদ বড়োৱে। 
প্ৰমোদ বড়ো