বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ অৱস্থা সংকটজনক

সংকটজনক অৱস্থাৰ বাবে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসকৰ এটা দলে তেওঁক অহৰহ নিৰীক্ষণত ৰাখিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বাংলাদেশ জাতীয়তাবাদী দলৰ অধ্যক্ষা খালেদা জিয়াৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক বুলি তেওঁৰ চিকিৎসকৰ দলে আজি নিশ্চিত কৰিছে। বৰ্তমান ৭৮ বছৰীয়া জিয়াক ঢাকাৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, তেওঁ হৃদৰোগ, যকৃতৰ চিৰোছিছ আৰু অন্যান্য জটিল ৰোগত আক্ৰান্ত হৈ আছে। তেওঁৰ ব্যক্তিগত চিকিৎসকসকলে জনোৱা মতে, জিয়াৰ একাধিক অংগই বিকল হৈ পৰা ফলত তেওঁক উন্নত চিকিৎসাৰ প্ৰয়োজন। তেওঁৰ স্বাস্থ্যৰ অৱস্থা ইমান বেয়া হোৱাৰ বাবে দলীয় কৰ্মী আৰু দেশবাসীৰ মাজত গভীৰ উদ্বেগ সৃষ্টি হৈছে।

আনহাতে এই সময়ছোৱাত বাংলাদেশৰ ৰাজনৈতিক স্থিতি ক্ৰমাত ভয়াৱহ হৈ পৰিছে। ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ নিৰ্বাচনৰ পূৰ্বে মহম্মদ ইউনুছৰ নেতৃত্বত চলি থকা অন্তৱৰ্তীকালীন চৰকাৰৰ অধীনত বাংলাদেশত ৰাজনৈতিক হিংসা বৃদ্ধি পাইছে। 

ৰাজনৈতিক সংঘৰ্ষৰ মাজতে বিএনপিয়ে শুকুৰবাৰে দলীয় অধ্যক্ষগৰাকীৰ আশু আৰোগ্যৰ বাবে বিশেষ প্ৰাৰ্থনা সভাৰ আয়োজন কৰে। ৪ মাহৰ চিকিৎসাৰ অন্তত যোৱা ৬ মে’ত লণ্ডনৰ পৰা দেশলৈ উভতি আহিছিল জিয়া। নিহত বাংলাদেশৰ ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ পত্নী খালেদা জিয়াৰ স্বাস্থ্য তথা দলৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ চিন্তিত হৈ পৰিছে দলীয় কৰ্মী সকল।

বাংলাদেশ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট আৰু ইছলামিক দল জামাত-ই-ইছলামীৰ কৰ্মীসকলৰ মাজত হিংসাত্মক নিৰ্বাচনী প্ৰচাৰত ২৫ জন লোক আহত হোৱা তথ্য পোৱা গৈছে। এই ৰাজনৈতিক দলসমূহে ইয়াৰ পূৰ্বে ইউনুছৰ সৈতে সহযোগিতা কৰি শ্বেখ হাছিনাৰ আৱামি লীগৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনক উফৰাই পেলাইছিল।

উল্লেখ্য যে, খালেদা জিয়াই বাংলাদেশে তিনিবাৰকৈ নেতৃত্ব দিছিল। তেওঁক ২০১৮ চনত দুৰ্নীতিৰ অভিযোগত হাছিনাৰ চৰকাৰৰ অধীনত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। সেই সময়ত তেওঁক চিকিৎসাৰ বাবে বিদেশলৈ যোৱাতো বাধা আৰোপ কৰা হৈছিল। অৱশ্যে, যোৱা বছৰ হাছিনাক ক্ষমতাৰ পৰা আঁতৰোৱাৰ অলপ দিনৰ পিছতে তেওঁক মুকলি কৰি দিয়া হৈছিল।

বাংলাদেশ বাংলাদেশী