কংগ্ৰেছত যোগদান আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত মহানগৰীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে আমছুৰ প্ৰাক্তন সভাপতিগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। এই বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰে আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত মহানগৰীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে আমছুৰ প্ৰাক্তন সভাপতিগৰাকীয়ে। এই যোগদান কাৰ্যসূচীত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক মনোজ চৌহানকে ধৰি প্ৰদেশ কংগ্ৰেছৰ কেবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে।

WhatsApp Image 2026-01-11 at 5.17.59 PM

উল্লেখযোগ্য যে, আমছুৰ প্ৰাক্তন সভাপতিগৰাকীৰ লগতে  সংগঠনটোৰ কেবাজনো প্ৰাক্তন উপ-সভাপতিয়ে কংগ্ৰেছ দলত যোগদান কৰে। দীঘলীয়া সময় ধৰি এমএমকেৰ সভাপতিৰ দায়িত্বত থকা মিচিং জনগোষ্ঠীৰ নেতা ৰূপ কুমাৰ মেদকেও কংগ্ৰেছ দলত যোগ দিয়ে। বিজেপিৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সদস্য মনোজ কুমাৰ মহন্তৰ উপৰিও চিলা বসুমতাৰী, অৰুণ বসুমতাৰী, মৃন্ময় কলিতা, অলকেশ মেধিকে ধৰি কেবাজনো বিশিষ্ট লোকে যোগদান কৰে।

গুৱাহাটী মহানগৰী আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰ