/asomiyapratidin/media/media_files/2026/01/03/dsadsasa-2026-01-03-11-35-26.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ পৰ্বতঝোৰাত অব্যাহত আছে বনজ সম্পদৰ লুণ্ঠনৰাজ। সংৰক্ষিত বনাঞ্চলত দিনে নিশাই অবাধে চলিছে বন ধ্বংস যজ্ঞ।
ৰূপচী বনাঞ্চলিক কাৰ্য্যালয়ৰ লালকুৰা ,বাসবাৰী, মদাতি আদিকে ধৰি বিভিন্ন অঞ্চলত বনাঞ্চলৰ মূল্যবান গছসমূহ কাটি তহলিং কৰাৰ পিছতো পৰ্বতঝোৰা বন বিভাগৰ বন সংমণ্ডল বিষয়া আৰু ৰূপচীৰ বনাঞ্চলিক বিষয়াই নিৰ্লিপ্ত ভূমিকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে, বনদস্যুই বনাঞ্চলৰ গছ সমূহ কাটি বাহনত ভৰ্তি কৰি বন বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখৰে চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন ঠাইলৈ সৰবৰাহ কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে সচেতন মহলত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/capturefdfdfdfdfd-2026-01-03-11-35-13.jpg)
আনফালে, দুখী সুখী আৰু মদাতি অঞ্চলত চৰকাৰী কৰ ফাঁকিৰে অবৈধভাৱে এক্সকেভেটৰ লগাই পাহাৰ খনন কৰি ৰঙা মাটিৰ ৰমৰমীয়া ব্যৱসায় কৰি প্ৰাকৃতিক সৌন্দৰ্য্য আৰু পৰিৱেশ বিনষ্ট কৰাৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু পথচাৰীয়ে ধূলি বালিৰ বাবে যাতায়ত কৰাৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে। স্থানীয় ৰাইজে অতি সোনকাল বন ধ্বংস আৰু অবৈধ পাহাৰ খনন বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us