/asomiyapratidin/media/media_files/2025/04/07/XT8XpP8FxnTGUqrqyrUm.jpg)
বন মাফিয়াৰ দৌৰাত্ম্য
ডিজিটেল সংবাদ, বিহালীঃ বিহালীত অব্যাহত আছে বন মাফিয়াৰ দৌৰাত্ম্য। বৰজাৰণিৰ বৰগাঙ নদীত একাংশ বন মাফিয়াই বাংলাদেশী মেচিনৰে বালি শিলৰ অবৈধ বেহা চলাই অহাৰ ওপৰিও নীতিঃবহিভূতভাৱে এস্কেভেটৰ আৰু জিচিবেৰে নদী খনত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত খনন কৰিছে। প্ৰায় ৩০ ফুট গভীৰ সেই গাঁতত পৰি তিনি সুঁতিৰ মিলনপুৰৰ দ্বীপ খাটিৱাৰা(১৫) নামৰ এগৰাকী কিশোৰৰ মৃত্যু হয়৷
দেওবাৰে দুপৰীয়া তিনিসুঁতিৰ দ্বীপ খটিৱাৰা নামৰ কিশোৰটিয়ে আন দুই বন্ধুৰ স'তে বৰগাং নদীত গা ধুৱলৈ গৈছিল৷ বৰগাং নদীত গা ধুই থাকোঁতে অকস্মাৎ বালি শিল মাফিয়া অবৈধভাৱে বিঘা বিঘা মাটি এলেকাত এক্সেভেটৰ, জিচিবেৰে খন্দা গভীৰ গাঁতত পৰি কিশোৰৰ মৃত্যু হয় ৷ ইতিমধ্যে, অকাল মৃত্যুক সাৱতি লোৱা কিশোৰটিৰ মৰোণোত্তৰ পৰীক্ষাৰ বাবে তিনিসুঁতিৰ আৰক্ষীয়ে তেজপুৰ মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰিছে ৷ ইফালে পৰিয়ালৰ লোকে চৰকাৰ প্ৰশাসনৰ পৰা ন্যায়ৰ দাবী কৰিছে৷