/asomiyapratidin/media/media_files/2026/01/10/611-2026-01-10-19-44-17.jpg)
ডিজিটেল সংবাদ, মিৰ্জা : জিলা আয়ুক্তৰ দ্বাৰা গঠন কৰা টাক্স ফোৰ্চৰ যেন কাম নাই ! বন বিভাগ আৰু আৰক্ষী প্ৰশাসন যেন কমিচনত ব্যস্ত। কিয়নো মাটি আৰু শিলভৰ্তি ট্ৰাক ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ হৈ পৰিছে ৰাইজ।
বিশেষকৈ স্কুল কলেজ,অফিচ কাছাৰী খোলাৰ সময়তে চলা এনে ট্ৰাক, ডাম্পাৰৰ দৌৰাত্ম্যত ৰাইজ বিপাঙত পৰিছে। ঠায়ে ঠায়ে আনকি দুৰ্ঘটনাত সংঘটিত হৈ আহিছে। ৰাইজে স্কুল কলেজ খোলাৰ সময়ত এই যান-বাহনৰ মালিকপক্ষক দৌৰাত্ম্য ৰোধ কৰাৰ আহ্বান জনাই আহিছে যদিও কামত অহা নাই। তদুপৰি ধূলি মাকতিয়ে ভৰি পৰিছে ঠায়ে ঠায়ে।
এইক্ষেত্ৰত পশ্চিম কামৰূপ আৰু পূৱ কামৰূপ বন বন সংমণ্ডলৰ লোহাৰঘাট, ৰাণী, বিজয়নগৰ, মিৰ্জা, গোসাইহাট, সোণতলা, বঙৰা, হুদুমপুৰ, পলাশবাৰী পৌৰসভাৰ মথাউৰি পথ, মণিয়েৰী তিনিআলী , ঝাৰোবড়ী, ৰঙামাটি, বৰিহাট, জগলীয়া, জামৰতল, উপৰহালী আদি বিভিন্ন ঠাইৰে এই যান-বাহনৰ অবাধ হাৰত দৌৰাত্ম্য অব্যাহত থকাত দিনে নিশাই ৰাইজ বিপাঙত পৰিছে।
আৰক্ষী প্ৰশাসনে মাজেসময়ে এনে যানবাহনৰ দৌৰাত্ম্য ৰোধ কৰাৰ বাবে নামমাত্ৰ অভিযান চলাই আহিয়ে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপিত হৈছে। এক প্ৰকাৰ অঞ্চলটোৰ জনজীৱন বিপদাপন্ন কৰি এই দৌৰাত্ম্য চলাই যোৱাত ৰাইজে এই বিভাগবোৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। লগতে একাংশ দল সংগঠনৰ লোকৰ নেতাকো হাতত ৰাখি ভয় শংকা বিহীনভাৱে এই দৌৰাত্ম্য চলাই গৈছে ব্যৱসায়ীয়ে।
যাৰ বাবে মাটি বেপাৰী চক্ৰই কাললৈকে ভয় নকৰে। তেওঁলোকৰ মতে জৈৱ-বৈচিত্র্যৰ কথা চালে তেওঁলোকৰ পৰিয়াল লঘোণে মৰিব। তেওঁলোকৰ এই মাটি খন্দা ব্যৱসায় তিনি মাহৰ। তিনি মাহ মাটি খান্দি বছৰটোৰ ভাত মুঠি মোকোলায়। এনেদৰেই পলাশবাৰী অঞ্চলটোত কেইবাটাও গুৰুত্বপূৰ্ণ জনবসতিপূৰ্ণ অঞ্চলটোত চলি আছে এই দৌৰাত্ম্য। কিন্তু কাণসাৰ নাই বন বিভাগ আৰু আৰক্ষী প্ৰশাসন।
আনহাতে কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু পৰিবহন বিভাগৰ বিষয়াই শেহতীয়াভাৱে পলাশবাৰীত এখন পথ সুৰক্ষা সভা পাতি ৰাইজৰ ক্ষতিৰ কিবা কাম হলেই ব্যৱস্থা গ্ৰহণ কৰিব বুলি কৈছিল যদিও কামত নাহিল। আনকি পাহাৰ খনন ,ট্ৰাক-ডাম্পাৰ বা আন যান-বাহনৰ দৌৰাত্ম্য আদি ৰোধৰ বাবে টাক্স ফৰ্চ গঠন কৰিছিল যদিও সেই টাক্স ফোৰ্চৰো কামত নাহিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us