চৰাইদেউলৈ বৃদ্ধি পাইছে বিদেশী পৰ্যটক আগমন...

চৰাইদেউ মৈদামে ইউনেস্ক'ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পিচতেই দেশী-বিদেশী পৰ্যটকৰ আগমনৰ সংখ্যা আশাপ্ৰদভাৱে বৃদ্ধি পোৱাত পৰ্যটন উদ্যোগটোৰ বাবে এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে ৷        

author-image
Asomiya Pratidin
New Update
hretreerer

ডিজিটেল সংবাদ, চৰাইদেউঃ ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্ৰই ইউনেস্কৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাৰ পাছৰে পৰা পৰ্যটকৰ সঘন আগমনত এতিয়া জীপাল হৈ পৰিছে ৷ মন কৰিবলগীয়া এয়ে যে, মৈদাম ক্ষেত্ৰই বিৰল স্বীকৃতি পোৱাৰ পাছতে এই স্থান দেশী পৰ্যটকৰ সমান্তৰাল ভাৱে বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে ৷ 

ঐতিহাসিক এই স্থানলৈ নিয়মীয়া ৰূপত সৰু বৰ গোটত বিদেশী পৰ্যটকৰ আগমন ঘটিছে ৷ বছৰৰ প্ৰথমটো মাহতেই আমেৰিকা, জাৰ্মানী, ইজৰাইল আৰু ইংলেণ্ডৰ ২৯ জন পৰ্যটক চৰাইদেউ মৈদাম এলেকাত উপস্থিত হৈ ইয়াৰ সামগ্ৰিক পৰিবেশ অধ্যয়ন কৰে ৷ দলটোৱে মৈদামক্ষেত্ৰৰ শান্ত-সমাহিত নৈসৰ্গিক শোভা আৰু উন্নত স্থাপত্য শৈলী প্ৰত্যক্ষ কৰে ৷

আনহাতে, ৬ ফেব্ৰুৱাৰীত ইংলেণ্ডৰ ৩০ জন পৰ্যটকৰ দল উপস্থিত হৈ ছশ বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱময় স্বাক্ষৰ মৈদাম সমূহৰ গঠন আৰু ইয়াৰ ঐতিহাসিক গুৰুত্ব সম্বন্ধে বুজ লৈ অভিভূত হৈ পৰে ৷ উল্লেখযোগ্য যে, ইউনেস্ক'ৰ দ্বাৰা চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পিচতেই চৰাইদেউলৈ দেশী-বিদেশী পৰ্যটকৰ আগমনৰ সংখ্যা আশাপ্ৰদভাৱে বৃদ্ধি পোৱা লগতে পৰ্যটন উদ্যোগটোৰ বাবে এক আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে ৷        

চৰাইদেউ চৰাইদেউ মৈদাম চৰাইদেউ মৈডাম চৰাইদেউ মৈদামক্ষেত্ৰ