বিশ্ব ঐতিহ্য সপ্তাহত অংশগ্ৰহণ বিদেশী পৰ্যটকৰ

অসম চৰকাৰৰ  পুৰাতত্ত্ব সঞ্চালকালয়, খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ উদ্যোগত আজিৰে পৰা  ২৫ তাৰিখলৈ ৰাজ্যৰ বিভিন্ন স্থানত বিশ্ব ঐতিহ্য সপ্তাহ বিভিন্ন কাৰ্যসূচীৰে আয়োজন।

author-image
Asomiya Pratidin
New Update
new ap web  9 (1)

ডিজিটেল সংবাদ,চৰাইদেউঃ  আজি বিশ্ব ঐতিহ্য দিৱস৷ বিশ্বৰ ঐতিহ্যমণ্ডিত ঠাইসমূহৰ সংৰক্ষণৰ বাবে তথা মানুহৰ মাজত সজাগতা বৃদ্ধিৰ ইউনেস্ক’ই বিশেষ ভাৱে কাম কৰি আহিছে ৷ ইউনেস্ক’ই বিশ্বৰ বিভিন্ন ঐতিহ্যমণ্ডিত ঠাইসমূহৰ এখন তালিকা বনাই সেই ঠাইসমূহৰ সংৰক্ষণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই উপলক্ষে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰত চৰাইদেউতো । 

প্ৰাণিধানযোগ্য যে,  বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে ৷ অসম চৰকাৰৰ  পুৰাতত্ত্ব সঞ্চালকালয়, খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ উদ্যোগত আজিৰে পৰা  ২৫ তাৰিখলৈ ৰাজ্যৰ বিভিন্ন স্থানত বিশ্ব ঐতিহ্য সপ্তাহ বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰিছে । 

বিশ্ব ঐতিহ্য সপ্তাহৰ লগত সংগতি ৰাখি  পুৱা চৰাইদেউ মৈদাম ক্ষেত্ৰত স্বচ্ছ ভাৰত অভিযানৰ অধীনত সমূহীয়া চাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰে ।য’ত অঞ্চলটোৰ পুৰুষ-মহিলাকে স্থানীয় দল-সংগঠনৰ নেতৃত্বতই সহযোগিতা কৰে ৷ ইয়াৰ  পাছতে পুৰাতত্ত্বিক এলেকাসমূহৰ ফটো তথা চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হ'ব । 

ইয়াৰ পূৰ্বে অসমীয়া হিয়া আমঠু ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিতো বন্তি প্ৰজ্বলন কৰে ৷ ঐতিহ্য দিৱসৰ কাৰ্য্যসূচী মাজতে ফ্ৰান্সৰ পৰা অহা এটা বিদেশী পৰ্যটকে অংশগ্ৰহণ  কৰে ৷ বিশ্ব ঐতিহ্য সপ্তাহৰ কাৰ্যসূচী অনুসৰি ২০ নৱেম্বৰত হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সহযোগত বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আৰু ২৩ নৱেম্বৰত লখিমপুৰৰ  মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সহযোগত  বিশ্ববিদ্যালয় চৌহদত সজাগতা মূলক কাৰ্যসূচী অনুষ্ঠিত হ'ব । 

আনহাতে ২৫ নৱেম্বৰত চৰাইদেউ মৈদাম  ক্ষেত্ৰত আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ত সমান্তৰালভাৱে বিশ্ব ঐতিহ্য সপ্তাহৰ সামৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব  ।

চৰাইদেউ