Advertisment

প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তাৰ দায়িত্বত মহিলা এছ পি জি কমাণ্ডো ! ভিন্ন মহলত চৰ্চা অৱ্যাহত

সম্প্ৰতি দেশৰ ভিন্ন মহলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এখন বিশেষ ফটোকলৈ অৱ্যাহত আছে চৰ্চা।  ইতিমধ্যে ভালেকেইটা সামাজিক মাধ্যমত ভাইৰেল হৈছে এই বিশেষ ফটোখন...

author-image
Asomiya Pratidin
New Update
pm

ডিজিটেল ডেস্ক : সম্প্ৰতি দেশৰ ভিন্ন মহলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এখন বিশেষ ফটোকলৈ অৱ্যাহত আছে চৰ্চা।  ইতিমধ্যে ভালেকেইটা সামাজিক মাধ্যমত ভাইৰেল হৈছে এই বিশেষ ফটোখন। ভাইৰেল হোৱাৰ পাছৰে পৰা ফটোখনক কেন্দ্ৰ কৰি নেটিজেনসকলে বিভিন্ন মন্তব্য প্ৰদান কৰিছে।

Advertisment

 

ফটোখনৰ বিশেষত্ব হৈছে এগৰাকী মহিলা এছ পি জি কমাণ্ডো। ভাইৰেল হোৱা ফটোখনত প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ দায়িত্ব এগৰাকী মহিলা এছ পি জি কমাণ্ডৱে পালন কৰা দেখা গৈছে। একাংশৰ মতে এয়া প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ দায়িত্ব পালন কৰিছে মহিলা এছ পি জি কমাণ্ডোৱে। একাংশই আকৌ ইতিহাস সৃষ্টি কৰা বুলি মন্তব্য কৰিছে। কোনো কোনো লোকৰ মতে ই অভূতপূৰ্ব বুলি আখ্যা দিছে।  এনেদৰে এতিয়া বহু লোকে ভিন্ন মন্তব্যৰে অব্যাহত ৰাখিছে চৰ্চা।

spg

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০১৩ চনৰ পৰা বিশেষ সুৰক্ষা গোট চমুকৈ এছ পি জিত মহিলা কমাণ্ডো নিয়োগ কৰা হৈছিল। উক্ত সময়ছোৱাতো মহিলা এছ পি জি কমাণ্ডোৱে তদানীন্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ পত্নীৰ সুৰক্ষাৰ দায়িত্ব পালন কৰিছিল। অৱশ্যে একাংশই এই বুলিও উল্লেখ কৰিছে যে ৰাষ্ট্ৰপতি অথবা প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত কেৱল যে পুৰুষ কমাণ্ডোকে নিয়োগ কৰিব তেনে কথা নাই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নৰেন্দ্ৰ মোডী