/asomiyapratidin/media/media_files/2026/03/06/1-2026-03-06-17-19-21.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ উত্তৰ পূৰ্বাঞ্চলৰ একক বৃহৎ ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনভাগ বিগত ফেব্ৰুৱাৰী মাহত জামুগুৰিহাটত সফলভাৱে অনুষ্ঠিত হৈ যায় ৷
সফলভাৱে অধিৱেশনভাগ অনুষ্ঠিত হোৱাৰ এটা মাহৰ অন্তত জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী কৃষি পামত সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা আৰু প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া আৰু উপ-পদাধিকাৰ চন্দ্ৰ হাজৰিকা সহিতে কেন্দ্ৰীয় সমিতিখন উপস্থিত হৈ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি সৰ্ব্বাংগ সুন্দৰ এখন অধিৱেশন অনুষ্ঠিত কৰাত বলিষ্ঠ ভুমিকা পালন কৰাৰ বাবে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক আনুষ্ঠানিকভাৱে শ্ৰদ্ধা আৰু সম্বৰ্ধনাৰে “কৃতজ্ঞতা পত্ৰ” প্ৰদান কৰে ৷
/asomiyapratidin/media/post_attachments/f010e81b-30b.png)
উল্লেখ্য যে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইতিহাসত এগৰাকী কাৰ্যকৰী সভাপতিত এইদৰে আনুষ্ঠানিকভাৱে “কৃতজ্ঞতা পত্ৰ” প্ৰদান কৰা ঘটনা এয়াই প্ৰথম হিচাবে বিবেচিত হৈছে ৷ ইয়াৰোপৰি তেজপুৰৰ আতিথ্যত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদ্য অনুষ্ঠিত অধিৱেশনভাগৰ সফলভাৱে সমাপ্তি হোৱাত সন্তুষ্টি প্ৰকাশ কৰি তেজপুৰ জিলাৰ সকলোকে আশীৰ্বাদময় বাণী আৰু কৃতজ্ঞতাৰ ভাষণেৰে অনুপ্ৰাণিত কৰে পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা সহিতে মূলৰ বিষয়ববীয়াসকলে ৷
/asomiyapratidin/media/post_attachments/58ddb9ea-7de.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us