শশধৰ চন্দ্ৰ মদক মেমৰিয়াল ফুটবল প্ৰতিযোগিতাৰ শুভ উদ্ধোধন

জিলা সহকাৰী আয়ুক্ত দৈথন ওৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকি দুটা পাৰ চৰাই মুকলি আকাশত এৰি দি প্ৰতিযোগিতাখনৰ খেলপথাৰ মুকলি কৰে।

author-image
Asomiya Pratidin
New Update
293

ডিজিটেল সংবাদ, মানকাচৰ : মানকাচৰৰ ভূতিয়াডাঙাত ১৬ টা ফুটবল ক্লাৱক লৈ দেওবাৰৰ পৰা আৰম্ভ হয় শশধৰ চন্দ্ৰ মদক মেমৰিয়াল ফুটবল প্ৰতিযোগিতা । জিলা সহকাৰী আয়ুক্ত দৈথন ওৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকি দুটা পাৰ চৰাই মুকলি আকাশত এৰি দি প্ৰতিযোগিতাখনৰ খেলপথাৰ মুকলি কৰে।

খেলপথাৰ মুকলি কৰাৰ পূৰ্বে বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভ উদ্বোধন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। হিয়াৰ আমঠু জুবিন গাৰ্গক স্মৰণ কৰি মায়াবিনী ৰাতিৰ বুকুত গীত পৰিৱেশ কৰাৰ লগতে প্ৰাণৰ শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়।

আজি প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন টুমনি ফুটবল ক্লাৱ আৰু ভুৰাকাটা ফুটবল ক্লাৱৰ মাজত অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনত টুমনি ফুটবল ক্লাৱ ভূৰাকাটা ফুটবল ক্লাৱক ৪-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।

সুখচৰৰ ভূতিয়াডাঙা এলেকাৰ শশধৰ চন্দ্ৰ মদক এগৰাকী প্ৰতিষ্ঠিত হোটেল ব্যৱসায়ীৰ লগতে ভূতিয়াডাঙা ফুটবল ক্লাৱৰ হৈ চাৰিবাৰৰ বাবে অধিনায়ক হিচাপে টুৰ্ণামেণ্টৰ খিতাপ দখল কৰিছিল। তেখেতৰ মৃত্যুৰ বাবে স্থানীয় ৰাইজে এইদৰে তেখেতক স্মৰণ কৰি প্ৰথমবাৰৰ বাবে এই ফুটবল প্ৰতিযোগিতাখন আৰম্ভ কৰা হৈছে।

এই প্ৰতিযোগিতাখনে নৱ প্ৰযন্মক খেলৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে সমাজ চলি থকা বিভিন্ন অপৰাধ, ড্ৰাগছ, মদ, তীৰ-জুৱা, মোবাইল গেমৰ পৰা ৰক্ষা পৰিব বুলি আয়োজক সমিতিয়ে আশা প্ৰকাশ কৰিচে।

ফুটবল প্ৰতিযোগিতা