এম.এছ.কে স্পৰ্টছ এছোচিয়েছনৰ সৌজন্যত এম.এছ.কে খেলপথাৰত ফুটবল প্ৰতিযোগিতা আৰম্ভ...

এম এছ কে স্পৰ্টছ এছোচিয়েছনৰ সৌজন্যত, ৰাইহান উদ্দিন চৌধুৰীৰ উদ্যোগত মহখুঁটি,  সোণসেৰী, কান্ধুলিমাৰি চমুকৈ এম এছ কে খেলপথাৰত আজি বিয়লি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়।

author-image
Tushar Pratim
New Update
football 07

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ এম এছ কে স্পৰ্টছ এছোচিয়েছনৰ সৌজন্যত বিশিষ্ট সমাজকৰ্মী ৰাইহান উদ্দিন চৌধুৰীৰ উদ্যোগত মহখুঁটি,  সোণসেৰী, কান্ধুলিমাৰি চমুকৈ এম এছ কে খেলপথাৰত আজি বিয়লি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। খেলখনৰ ফিটা কাটি শুভ উদ্বোধন কৰে সমাজকৰ্মী ৰাইহান উদ্দিন চৌধুৰীয়ে। 

উদ্বোধনী ভাষণত তেওঁ কয়, বৰ্তমান সময়ত মদ, ভাং, ড্ৰাগছ আদি বিভিন্ন মাৰাত্মক ব্যাধিৰ প্ৰতি বহু নৱপ্ৰজন্ম ধাৱমান হৈ সুন্দৰ জীৱন বিনস্ত কৰি পেলাইছে। সেই মাৰাত্মক ড্ৰাগছ, মদ, ভাং, জুৱাৰ পৰা মুক্তি দি সুন্দৰ সমাজ গঠনৰ নিমিত্তে আমি শিক্ষা আৰু খেল ধেমালিৰ মাজেৰে সমাজৰ উন্নয়নৰ বাবে এই প্ৰচেষ্টা হাতত লৈছোঁ। 

নিজ ধিং নৱজ্যোতি ক্লাৱ বনাম আৰু ৰেডিয়েল ক্লাৱৰ মাজত অনুষ্ঠিত খেলখনৰ আৰম্ভণিতে দুয়ো দলৰ খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰে। লহকৰ জিলা পৰিষদৰ সদস্য বাবুল আলী, এম এছ কে স্পৰ্টছ এছোচিয়েছনৰ সম্পাদক ইমৰাণ হুছেইনকে আদি কৰি সহস্ৰাধিক লোক উপস্থিত থকা খেলখনত নিজ ধিং নৱজ্যোতি ক্লাৱে আৰু নগাঁও ৰেডিয়েল ক্লাৱে এটাকৈ গল দিয়াৰ ফলত খেলখন ড্ৰ’ হয়।

ফুটবল বটদ্ৰৱা