/asomiyapratidin/media/media_files/2024/12/06/bHSRIWJMx1O17XWXTdFd.jpg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে খাদ্য মন্ত্ৰণালয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ (PDS)ৰ অধীনত খাদ্যশস্যৰ যোগান শংখলৰ উন্নয়নৰ বাবে "অন্ন চক্ৰ" নামৰ এক সঁজুলি মুকলি কৰে।
বিশ্ব খাদ্য কাৰ্যসূচী আৰু আই আই টি দিল্লীৰ যুটীয়া অংশীদাৰিত্বৰে নিৰ্মাণ কৰা এই "অন্ন চক্ৰ" ই দেশৰ লজিষ্টিক নেটৱৰ্কত খাদ্যশস্যৰ সঞ্চালন বিকাশ কৰাৰ উদ্দেশ্যে উন্নতমানৰ এলগৰিদমৰ সহায় লৈছে বুলি এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে। এই ব্যৱস্থাৰ সহায়ত বছৰি ২৫০কোটি টকা ৰাহি হ'ব বুলি আশা প্ৰকাশ কৰিছে।
এই সঁজুলিবিধ মুকলি কৰি কেন্দ্ৰীয় খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে, লিকেজিং প্লাগিং আৰু ৰাজহুৱা ৰাজকোষৰ সঞ্চয়ৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰাৰ ই এক পদক্ষেপ। লগতে চৰকাৰে অধিক একাউন্ট খুলি প্ৰত্যক্ষ সুবিধা হস্তান্তৰ কৰাৰ ওপৰতো আলোকপাত কৰিছে।
খাদ্য সুৰক্ষা কাৰ্যসূচীৰ অন্তৰ্গত ৮১ কোটি হিতাধিকাৰীক সেৱা প্ৰদানৰ লক্ষ্যৰে এই পদক্ষেপে ৪.৩৭ নায্য মূল্যৰ দোকান আৰু ৬,৭০০ গোদাম সাঙুৰি লৈছে।
৩০খন ৰাজ্যত কৰা প্ৰাৰম্ভিক মূল্যায়নত এই "অন্ন চক্ৰ"ৰ ফলত বাৰ্ষিক খৰচৰ ৰাহি ২৫০ কোটি হ'ব। লগতে ভলিউম-কিলোমিটাৰ মেট্ৰিক ৫৮ কোটি টকা হ্ৰাস পোৱাৰ অনুমান কৰা হৈছে। লগতে এই সঁজুলিবিধৰ ব্যৱহাৰে পৰিবহন ব্যয় আৰু কাৰ্বন নিগমণ হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।