চকুৰ বাবে সলনি কৰক খাদ্যৰ তালিকা

চকুৰ বাবে সলনি কৰক খাদ্যৰ তালিকা

ডিজিটেল ডেস্ক: আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগৰ ভিতৰত অন্যতম আমাৰ চকুজুৰি। সেয়ে, চকুজুৰি সুস্থ কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব।শেহতীয়াকৈ প্ৰকাশিত বয়স সম্পৰ্কীয় এক চকু ৰোগ অধ্যয়নত (এ.আৰ.ই.ডি.এছ.) গম পোৱা গৈছিল যে কিছুমান পুষ্টি যেনে জিংক, তাম, ভিটামিন চি, ভিটামিন ই আৰু বিটা কেৰ’টিন চকুৰ স্বাস্থ্যৰ পক্ষে খুবেই দৰকাৰী।এই সকলো পুষ্টি শৰীৰে লাভ কৰিলে চকু সম্পৰ্কীয় ৰোগ প্ৰায় নিৰ্মূল হ’ব পাৰে।পৰৱৰ্তী আন আন অধ্যয়নত অ’মেগা ৩ ফেটি এচিড , তাম, লুটিন আৰু জেক্সান্থিন আদিও চকুৰ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।আমাৰ দেহটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ চকুৰ স্বাস্থ্য বৃদ্ধিৰ বাবে লাগতিয়াল পুষ্টিসমৃদ্ধ খাদ্যৰ বিষয়ে আজি জানো আহক-

মাছ

অধিকাংশ মাছেই অ’মেগা ৩ ফেটি এচিডৰে সমৃদ্ধ। বিশেষকৈ তেলেতীয়া মাছত অ’মেগা ৩ উচ্চ পৰিমাণত থাকে। অ’মেগা ৩ সমৃদ্ধ মাছবোৰৰ ভিতৰত আছে টুনা,চালমন,ট্ৰাউট,মেকেৰেল, চাৰ্ডিন,এঞ্চোভি হেৰিং আদি।কিছুমান অধ্যয়নত দেখা গৈছে যে মাছৰ তেলে শুকান চকুৰ সমস্যা ঠিক কৰিব পাৰে।উল্লেখ্য যে, কম্পিউটাৰত অত্যাধিক সময় অতিবাহিত কৰাৰ ফলত আমাৰ চকু শুকাই যায়।সেয়ে, মাছ খাওঁক আৰু চকুজুৰিক সুস্থ ৰাখক।

বাদাম,মাহজাতীয় খাদ্য

বাদাম অ’মেগা ৩ ফেটি এচিড সমৃদ্ধ।বাদামত উচ্চ পৰিমাণত ভিটামিন ই থাকে, যিয়ে চকুক বয়স সম্পৰ্কীয় সকলো ক্ষতিৰ পৰা সুৰক্ষিত কৰিব পাৰে।বাদাম আৰু মাহজাতীয় শস্যৰ ভিতৰত আপুনি আখৰ’ট, কাজু বাদাম, চিনা বাদাম, দাইল, চিয়া বীজ, ফ্ৰেল্ক বীজ আদি বিভিন্ন প্ৰকাৰৰ বীজ গ্ৰহণ কৰিব পাৰে।

শাক সেউজীয়া পাচলি

শাক-পাচলি লুটিন আৰু জেক্সান্থিনৰে সমৃদ্ধ আৰু ভিটামিন চি-ৰ এক ভাল উৎস।সেয়ে শাক-পাচলি সঘনাই খায় আপুনি আপোনাৰ চকু জুৰিক স্বাস্থ্যৱান কৰি ৰাখিব পাৰে। 

গাজৰ

গাজৰ ভিটামিন এ আৰু বিটা কেৰ’টিন দুয়োটাৰে সমৃদ্ধ।বিটা কেৰ’টিনে গাজৰক ৰং কমলা কৰে।গাজৰত থকা ভিটামিন এট্ৰাষ্টেডৰ উৎসই দৃষ্টিশক্তি বৃদ্ধিত এক গুৰুৰত ভূমিকা পালন কৰে।ই হৈছে ৰডোপচিন নামৰ প্ৰ'টিনৰ এক উপাদান, যিয়ে ৰেটিনাক পোহৰ শোষণ কৰাত সহায় কৰে।

চকুৰ বাবে সলনি কৰক খাদ্যৰ তালিকা
‘ছুপাৰফুড’ পালেঙৰ চমৎকাৰী গুণ

মিঠা আলু

গাজৰৰ দৰে মিঠা আলুতো বিটা কেৰোটিন থাকে। ই এণ্টিঅক্সিডেণ্ট ভিটামিন ইৰ এক অন্যতম উৎস।

কণী

কণী হৈছে লুটিন আৰু জেক্সান্থিনৰ এক উৎকৃষ্ট উৎস, যি বয়স সম্পৰ্কীয় দৃষ্টিশক্তি হ্ৰাস হোৱাৰ আশংকা হ্ৰাস কৰিব পাৰে। আনহাতে, ভিটামিন চি, ই আৰু জিংকৰো অন্যতম ভাল উৎস কণী।

পানী

পানীয়েই প্ৰাণীৰ প্ৰাণ।শৰীৰৰটোক সুস্থকৈ ৰখাৰ ক্ষেত্ৰত পানীয়ে এক গুৰুতৰ ভূমিকা পালন কৰে।পানী চকুৰ স্বাস্থ্যৰ বাবেও গুৰুত্বপূৰ্ণ।যথেষ্ট পৰিমাণে পানী খালে ‘ডিহাইড্ৰেচন’ প্ৰতিহত কৰে যাৰ ফলত শুকান চকুৰ লক্ষণ হ্ৰাস হ'ব পাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in