/asomiyapratidin/media/media_files/2026/01/01/564-2026-01-01-17-27-44.jpg)
ডিজিটেল সংবাদ, বেকাজান : অহা ২ জানুৱাৰী অৰ্থাৎ কাইলৈ দিনজোৰা কাৰ্যসূচীৰে মৰিগাঁও জিলাৰ শিলচাং বিহুতলি ৰঙ্গমঞ্চত অসমৰ অন্যতম গৱেষণা মঞ্চ দগো ৰাংছাং গৱেষণা সমিতিৰ উদ্যোগত আৰু মৰিগাঁও জিলা তিৱা মাথনলাই তখ্ৰাৰ সহযোগত এই বছৰো অসমৰ লোক সংস্কৃতিৰ গৱেষক - পণ্ডিত, ভাষাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ উপেন ৰাভা হাকাচামৰ জন্ম দিনটো 'সৰলতাৰ দিন' হিচাপে উদযাপন কৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/01/whatsapp-ima-2026-01-01-17-28-08.jpeg)
ইয়াৰ লগত সংগতি ৰাখি ' অসমীয়া গীতি সাহিত্যত লোক - সংস্কৃতিৰ সমল ' শীৰ্ষক বক্তৃতা অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিব কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ অজিত ভৰালীয়ে। ৰাজ্যৰ বিশিষ্ট সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব লগা মুকলি সভাত দগো ৰাংছাং গৱেষণা সমিতিৰ এইবাৰৰ শিশু - সাহিত্য বঁটা প্ৰদান কৰিব জোঙাল বলহু মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষয়িত্ৰী তথা শিশু - সাহিত্যিক মনোৰমা ভুঞাক।
দগো ৰাংছাং গৱেষণা সমিতিৰ সভাপতি ড০ অংশুমান দাসৰ সভাপতিত্ব অনুষ্ঠিতব্য এইখন সভাতে গৱেষণা সমিতিৰ গৱেষণা পত্ৰৰ লগতে শিশু -সাহিত্যিক তিলো সোণোৱালৰ সম্পাদনাত প্ৰকাশ হ'ব লগা ' আমাৰ কিশোৰ ' নামৰ এখন ছমহীয়া আলোচনীৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যা উন্মোচন কৰা হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us