আজিৰে পৰা সম্পূৰ্ণৰূপে নিষিদ্ধ চানমাৰি উৰণীয়া সেতুৰে যানবাহনৰ চলাচল

আজিৰে পৰা নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱালৈকে চানমাৰি উৰণীয়া সেতুত সকলো প্ৰকাৰৰ যানবাহনৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ থাকিব।

author-image
Asomiya Pratidin
New Update
new ap web 3.jpg

ডিজিটেল ডেস্কঃ পূৰ্ণগতিত চলি আছে মহানগৰীৰ জি এন বি পথৰ ফ্লাইঅ’ভাৰৰ নিৰ্মাণৰ কাম। এই নতুন উৰণীয়া সেতুখন চানমাৰি উৰণীয়া সেতুৰ সৈতে সংযোগ কৰা হ’ব। যাৰবাবে সংযোগস্থলৰ উন্নয়ন তথা জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত আজিৰে পৰা নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱালৈকে চানমাৰি উৰণীয়া সেতুত সকলো প্ৰকাৰৰ যানবাহনৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ থাকিব।

এই সময়ছোৱাত যাত্ৰীসকলক উক্ত পথ এৰাই চলি বিকল্প পথ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছে যান-বাহন আৰক্ষীয়ে। যানজঁট নোহোৱাকৈ আৰু সুৰক্ষিতভাৱে চলাচল নিশ্চিত কৰিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্ত ২৯ জানুৱাৰীত অনুষ্ঠিত RTA সভাত সকলো সংশ্লিষ্ট পক্ষৰ সৈতে আলোচনা কৰি গ্ৰহণ কৰা হয়। মহানগৰ প্ৰশাসনে এই ক্ষেত্ৰত জনসাধাৰণৰ সহায়-সহযোগিতা আশা কৰিছে।

বিকল্প পথসমূহ:

জু ৰোড দিশৰ পৰা অহা যানবাহনৰ বাবে:

  •  অপূর্ব সিনহা পথ বা ৰাজগড় ৰোডে ৰে আহিব পাৰিব ।
  •  ৰাজগড় ৰোডৰ পৰা দক্ষিণ শৰণীয়া পথ , জি এছ ৰোড , ডঃ বি বৰুৱা ৰোড , জি এন বি ৰোড আহিব কৰিব পাৰিব।

চানমাৰি দিশৰ পৰা অহা যানবাহনৰ বাবে:

  • এম আৰ ডি ৰোডেবে বামুনিমৈদাম অভিমুখে আগবাঢ়িব পাৰিব
  •  এম আৰ ডি ৰোডৰ পৰা- হাতীগড় চাৰিআলি (ৰেলৱে কলনী ৰোড) বা নুনমাটি-মঠঘৰীয়া পথ আহিব পাৰিব।

যাত্রী আৰু পণ্যবাহী বাহনৰ বাবে বিকল্প পথ:

  • আদাবাৰী দিশৰ পৰা জি এন বি আৰু এম আৰ ডি ৰোডেৰে অহা চিটি বাছ আৰু ই ভি বাছসমূহ পাথৰকুৱাৰী ৰাউণ্ডলৈ যাব।
  •  গণেশগুৰি দিশৰ পৰা অহা বাছসমূহ জু বোড তিনিআলি লৈ গৈ এম টি ৰোডৰে মঠঘৰীয়া হৈ আদাবাৰীলৈ আহিব পাৰিব 
  •  নুনমাটি দিশৰ পৰা চলা মেট্ৰ' শ্বেয়াৰ টেক্সী (মেজিক) চানমাৰি আৰক্ষী পইন্টলৈকে আহি এম আৰ ডি ৰোডত ইউ-টার্ণলৈ নুনমাটি অভিমুখে উভতি যাব
পথ নিৰ্দেশনা