পলাশবাৰী তিনিআলিৰ ৰে'লগেটত উৰণ সেঁতু নিৰ্মাণ নকৰাক লৈ ৰাইজৰ ক্ষোভ

পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জাৰ সমীপৰ মণিয়েৰী তিনিআলিস্থিত ২৬৪ নম্বৰ ৰে'লগেটত উৰণ সেঁতু নিৰ্মাণ নকৰাৰ ফলত সঘনাই সংঘটিত বিপৰ্যয়ত জনজীৱন বিপৰ্যস্ত হোৱাত ৰাইজে এই ৰে'ল বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে

author-image
Asomiya Pratidin
New Update
616

ডিজিটেল সংবাদ, মিৰ্জা : পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জাৰ সমীপৰ মণিয়েৰী তিনিআলিস্থিত ২৬৪ নম্বৰ ৰে'লগেটত উৰণ সেঁতু নিৰ্মাণ নকৰাৰ ফলত সঘনাই সংঘটিত বিপৰ্যয়ত জনজীৱন বিপৰ্যস্ত হোৱাত ৰাইজে এই ৰে'ল বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। কিয়নো দক্ষিণ কামৰূপৰ ৰাইজৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোক, যান-বাহন আদিয়ে মির্জা-ৰাজাপাৰা গড়কাপ্টানী পথৰ সংলগ্ন এই মণিয়েৰী তিনিআলি ৰে'লগেটেৰে যাতায়াত কৰি আহিছে।

কিন্তু ৰাইজৰ এই যাতায়াতৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষই এই ৰে'ল গেটত উৰণ সেঁতুৰ ব্যৱস্থা নকৰাত ঘণ্টাৰ পিচত ঘণ্টা যানজঁটৰ মাজত ৰখি থাকি ৰাইজে অবাবত সময় নষ্ট কৰিবলগীয়া হৈছে। লগতে সঘনাই এই ৰে'ল গেটত বিজুতি ঘটাত ৰাইজ বিপাঙত পৰিছে। 

এই সমস্যাৰ বাবে ৰাইজে বিভিন্ন ক্ষোভ প্ৰকাশ কৰি বছৰ বছৰ ধৰি দাবী উত্থাপন কৰি আহিছে যদিও ৰাইজৰ প্ৰয়োজন তথা দাবীৰ প্ৰতি ৰে'ল বিভাগে আজিলৈকে কোনো গুৰুত্ব আৰোপ নকৰিলে। কেতিয়াবা অৱশ্যে ৰে'ল বিভাগ বা মিৰ্জাৰ লোক নিৰ্মাণ বিভাগৰ পৰা জোখ মাখ কৰি আহিছে যদিও যৰে জোখ মাখ ততে পৰি ৰয়।

WhatsApp Image 2026-01-12 at 12.02.12 PM

এই পথছোৱাৰে ইতিহাসপ্রসিদ্ধ চানডুবি বিলৰ লগতে অঞ্চলটোৰ বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, ফৰেনছিক গৱেষণা কেন্দ্ৰ,মণিয়েৰী তিনিআলি ৰে'ল ষ্টেচন আদি বিভিন্ন কেন্দ্ৰলৈ ৰাইজে যাতায়াত কৰি আহিছে। যাৰ বাবে এই ৰে'ল গেটত এখন উৰণ সেতুৰ যথেষ্ট প্ৰয়োজন ঞবুলি ৰাইজে বিবেচিত কৰিছে। 

নতুবা ৰে'ল গেটৰ তলৰে কোনো বিকল্প পথ নিৰ্মাণৰ ৰাইজে দাবী উত্থাপন কৰিছে। ইতিমধ্যে অসম মালাৰ অধীনত পলাশবাৰীৰ পৰা এই ৰেল গেট হৈ চানডুবিললৈ এই পথটো পুনঃনির্মাণ হৈছে।

ফলত দৈনিক সৰু-বৰ যান-বাহন, শিক্ষাৰ্থী,ৰাইজে যাতায়াত কৰাত এই পথটো ব্যস্ত হৈ পৰে। বৰ্তমান এই ৰে'ল পথেৰে দ্বৈত ৰে'ল সেৱা গঢ়ি তোলাৰ বাবে সঘন অহা ৰে'লৰ চলাচলৰ ফলত বিভিন্ন কামৰ বাবে অহা ব্যক্তিসকলৰ লগতে শিক্ষার্থীসকল সঠিক সময়ত গন্তব্যস্থানত উপস্থিত হোৱাত অসুবিধাৰ সন্মুখীন হৈ আহিছে। বছৰ বছৰৰ পৰা চলি থকা যান-জঁটৰ ফলত এই ৰে'ল গেটত সঘনাই দুর্ঘটনাও সংঘটিত হৈ আহিছে।

WhatsApp Image 2026-01-12 at 12.02.13 PM

এই তিনিআলি ৰে'ল গেটত সঘনাই যান-বাহন আবদ্ধ হৈ পৰাই নহয় শেহতীয়াভাৱে এই ৰে'ল লাইনত আৱদ্ধ হৈ পৰা এগৰাকী প্ৰসূতিয়ে বাহনতে সন্তান জন্ম দিয়ে। আনকি মাজে সময়ে বহু সময় ধৰি আৱদ্ধ হৈ পৰে এম্বুলেঞ্চ,অগ্নি নিৰ্বাপক বাহিনীৰ বাহন,অফিচ কাছাৰী, বিদ্যালয় মহাবিদ্যালয়লৈ যোৱা যানবাহন। আনহাতে এই পথতে লোক নিৰ্মাণ বিভাগৰ পৰা স্থাপন কৰি ষ্ট্ৰিট লাইটবোৰো এফালৰ ভাঙি চিঙি যাব ধৰাৰ লগতে কোনো দুৰ্বৃত্তই চুৰি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। 

এইক্ষেত্ৰত বিভাগীয় কর্তৃপক্ষই তিনিআলি ৰে'লৱে গেটত উৰণ সেঁতু নিৰ্মাণৰ ব্যৱস্থাৰ লগতে এই ষ্ট্ৰীট লাইটৰ ক্ষেত্ৰতো কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। এইক্ষেত্রত অসম চৰকাৰৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে সংশ্লিষ্ট কর্তৃপক্ষৰ হস্তক্ষেপ দাবী কৰিছে ৰাইজে।

পলাশবাৰী