ডিজিটেল ডেস্কঃ অবতৰীয়া বানপানীয়ে ডুবাই পেলাইছে তামিলনাডু, চেন্নাই আৰু তাৰ কাষৰীয়া ৪খন জিলা। দুদিনৰ বাবে বন্ধ দিয়া হৈছে বানপানীৰ বাবে এই জিলা কেইখনৰ সকলো শিক্ষানুষ্ঠান। জৰুৰীভালৱে উদ্ধাৰ অভিযানত নিয়োগ কৰা হৈছে এন ডি আৰ এফক।
উল্লেখযোগ্য যে, তামিলনাডুৰ উপকুল অঞ্চলত পুৱা ধাৰাসাৰ বৰষুণৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ যথেষ্ট সংথ্যক চৰকাৰী কাৰ্যালয়ো বন্ধ ঘোষণা কৰিছে চৰকাৰে। বানত আক্ৰান্ত বেচৰকাৰী প্ৰতিষ্ঠানসমূহো বন্ধ ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে।
উল্লেখযোগ্য যে, দেওবাৰে পুৱা ভাগৰে পৰাই মুষলধাৰ বৰষুণ হৈছিল চেন্নাই আৰু উপকন্ঠ অঞ্চলত।বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা মতে, অহা ২৪ঘন্টাতো বৰষুণ হৈ থাকিব। তামিলনাডু চহৰৰ বাট-পথ পানীত ডুব গৈছে। হাইএৰ্লাট জাৰি কৰা হৈছে কাঞ্চীপুৰম আৰু চেঙ্গালপট্টু জিলা দুখনত। থিৰুভাল্লু, কাঞ্চীপুৰম জিলাৰ বহু অঞ্চল বানত ডুব গৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ সৈতে বানৰ পৰিস্থিতি সন্দৰ্ভত কথা পতা লগতে উদ্ধাৰ অভিযানত কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰিছে। বানৰ ফলত ৰেল সেৱাও উক্ত জিলাকেইখনত বন্ধ হৈছে। কেইবাখনো বিমান উৰণতো পলম হৈছে এই বানৰ বাবে।