/asomiyapratidin/media/media_files/2025/09/27/ujjjd-2025-09-27-10-45-18.jpg)
ডিজিটেল ডেস্কঃ অতি জৰুৰী কাম নাথাকিলে চানমাৰী-নুনমাটি সংযোগী পথেৰে আপুনি পৰাপক্ষত নাযাব। কিয়নো অনুৰাধাৰ পৰা গুৱাহাটী কলেজৰ সন্মুখভাগলৈকে সম্পূৰ্ণ পথচোৱাত পানীৰ লগতে প্ৰচণ্ড সোঁতে এক বিপদসংকুল পৰিৱেশৰ সৃষ্টি কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/27/9bb72131-04d0-41bb-9c93-c9381caaab85-2025-09-27-10-49-44.jpg)
পুৱাৰে পৰা হোৱা নেৰেনেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানে এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ঠায়ে ঠায়ে হোৱা পানীৰ প্ৰচণ্ড সোঁতত কেইবাগৰাকীও বাইক আৰোহী দুৰ্ঘটনাতপতিত হৈছে। অনুৰাধাৰ পৰা নিউ গুৱাহাটীৰ লৈকে সৃষ্টি হৈছে যানযঁটৰো।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/27/b0d450de-bd56-4c5e-8feb-fea8141cb303-2025-09-27-10-49-58.jpg)
ৰাইজে অভিযোগ কৰিছে যে, উৰণ সেতু নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৱে ড্ৰেইন সমূহ পৰিকল্পিতভাৱে নিৰ্মাণ নকৰাৰ ফলতে এনে অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, পানীৰ প্ৰচণ্ড সোঁতত গুৱাহাটীৰ কলেজৰ সন্মুখৰ এটা কালভাৰ্টো উটিঁ গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us