/asomiyapratidin/media/media_files/2025/09/17/ujjjd-2025-09-17-13-34-14.jpg)
ডিজিটেল সংবাদ, বোকাখাতঃ ধনশিৰি নদীৰ বানপানী প্লাৱিত কৰিছে বোকাখাত-খুমটাই বিধান সভা সমষ্টিৰ বিস্তীৰ্ণ অঞ্চল। কেইবাদিনৰ নেৰানেপেৰা বৰষুণ আৰু কোনো আগতীয়া জাননী নিদিয়াকৈ মোকলাই দিয়া নীপকোৰ পানীয়ে সৃষ্টি কৰা ধনশিৰি নদীৰ বানপানীয়ে এতিয়া হাহাকাৰ সৃষ্টি কৰিছে কৃষক ৰাইজৰ মাজত। বছৰৰ প্ৰথমটো বানৰ পাছত কৰা ধাননী পথাৰত সোমোৱা বাঢ়নী পানীয়ে পুনৰবাৰ ভাঙি পেলাইছে গ্ৰাম্য অৰ্থনীতি।
বোকাখাত সমষ্টিৰ নুমলীগড়ৰ ঢোদাং ,কমাৰগাঁও, কমাৰগাঁওৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ, কুৰুৱাবাহী মেৰকান, কলাবৰীয়া চাপৰি, মেৰ চাপৰি, চিনাকান, চিনাকান আদৰ্শ গাঁওকে আদি কৰি ইয়াৰ বিস্তীৰ্ণ কৃষিপথাৰ বৰ্তমান পানীৰ তলত। গৰু-ম'হৰ চৰণীয়া পথাৰ সমূহো পানীয়ে বুৰাই পেলোৱাৰ ফলত তীব্ৰ পশুখাদ্যৰ সংকটে দেখা দিছে বানাক্ৰান্তৰ মাজত। আনহাতে বানাক্ৰান্ত গাঁওবাসীৰ খোৱা পানীৰ উৎস সমুহ পানীয়ে বুৰাই পেলোৱাৰ ফলত বিশুদ্ধ খোৱাপানীৰ ক্ষেত্ৰটো তীব্ৰ নাটনীৰ সৃষ্টি হৈছে গাঁওবাসীৰ মাজত।
উল্লেখযোগ্য যে কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি মঙ্গলবাৰৰ নিশাটোত নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠ পুৰ্বতকৈ ০.১১ মিটাৰ বৃদ্ধি পাইছে ৷ বুধবাৰে পুৱা ৬ বজাৰ পৰা ঘন্টাত ০.০১ মিটাৰকৈ জলপৃষ্ঠ বৃদ্ধিৰ পিচত পুৱা ৮ বজাৰ পৰা ৯ বজালৈকে স্থবিৰ হৈ আছিল ধনশিৰিৰ জলপৃষ্ঠ ৷ পূৰ্বানুমান মতে নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠ বিয়লিলৈ নিম্নগামী হোৱাৰ সম্ভাৱনা আছে ৷ সম্প্ৰতি বিপদ সীমাৰ ১.১৩ মিটাৰ ওপৰেদি প্ৰবাহিত হৈ আছে ধনশিৰি নদী ৷
ইফালে জানিব পৰামতে খুমটাই সমষ্টিৰ ১নং ভোলাগুৰি গাঁৱৰ বাসিন্দা কাতিৰাম দত্ত নামৰ এজন ব্যক্তিৰ মঙ্গলবাৰে বানত ডুব যোৱা ঘৰৰ পৰা লাগতীয়াল সামগ্ৰী আনিবলৈ গৈয়েই নিশাৰ অন্ধকাৰত দুৰ্ভাগ্য ক্ৰমে কোবাল সোঁতত উটি যোৱাৰ ফলত মৃত্যু হয়। এই ক্ষেত্ৰত যাবতীয় ব্যৱস্থা গ্ৰহন কৰাৰ কথা জানিবলৈ দিছে খুমটাইৰ বিধায়ক মৃনাল শইকীয়াই। সমষ্টিটোৰ মিঠাআম চাপৰি, দুখুটিমুখ, লেটেকুচাপৰি, বৰগৰীয়া, নেপালীখুটি, কৰদৈগুৰি, জাতিপতীয়া, কেন্দুগুৰি, চেচামুখ, আৱৰঘাট, ৩ নং কৈৱৰ্ত গাঁৱকে ধৰি কুৰিখনৰো অধিক গাঁও বৰ্তমান বানপানীৰ কবলত। সমগ্ৰ গোলাঘাট জিলাৰ ৭০ খনৰো অধিক গাঁও সম্প্ৰতি পানীৰ তলত।
উল্লেখযোগ্য যে, বোকাখাত বিধান সভা সমষ্টিত প্ৰতিবছৰে ধনশিৰি, গেলাবিল আৰু ব্ৰহ্মপুত্ৰ নদীয়ে প্ৰলয়ংকাৰী বানপানীৰ সৃষ্টি কৰি আহিছে যদিও এই বানপানীয়ে কৃষিৰ ক্ষেত্ৰখনত কৰা ক্ষয়ক্ষতিৰ ক্ষেত্ৰত চূড়ান্ত অমনোযোগীতা প্ৰদৰ্শন কৰি আহিছে বোকাখাত সমষ্টিৰ বিধায়ক-মন্ত্ৰী অতুল বৰাই। কোনো বছৰেই বানপানীৰ পাছত পৰ্যাপ্ত ক্ষতিপূৰণ লাভ কৰা নাই বোকাখাত সমষ্টিবাসীয়ে।
ইফালে বছৰৰ প্ৰথমটো বানপানীৰ পাছত অৰ্থাৎ বিগত ১৩ জুলাইত বোকাখাত-খুমটাই সমষ্টি ভ্ৰমণ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে বানপানীত ক্ষতিগ্ৰস্ত হোৱা কৃষকক তাৎক্ষণিক ভাৱে ক্ষতিপূৰণ দিয়াৰ আশ্বাস দিছিল যদিও সেয়া আজিকোপতি আশ্বাসেই হৈ থাকিল।