বছৰটোৰ দ্বিতীয়টো বানত ডুবিল মৰঙি অঞ্চলৰ ২৫ খনৰো অধিক গাঁও...

মিঠাআম চাপৰি, দুখুটিমুখ, লেটেকুচাপৰি, বৰগৰীয়া, নেপালীখুটি, কৰদৈগুৰি, জাতিপতীয়া, কেন্দুগুৰি, চেচামুখ, আৱৰঘাট, ৩ নং কৈৱৰ্ত গাঁৱকে ধৰি কুৰিখনৰো অধিক গাঁৱৰ ৰাইজ সৰ্বস্বান্ত...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বোকাখাতঃ  নীপকোৱে কোনো জাননী জাৰি নকৰাকৈ নদীবান্ধৰ পানী খুলি দিয়াৰ বাবে গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ মৰঙি অঞ্চলৰ ২০ খনৰো অধিক গাঁৱত বানপানীয়ে ভয়াবহ ৰূপ লৈছে।

অঞ্চলটোৰ বিশেষকৈ মিঠাআম চাপৰি, দুখুটিমুখ, লেটেকুচাপৰি, বৰগৰীয়া, নেপালীখুটি, কৰদৈগুৰি, জাতিপতীয়া, কেন্দুগুৰি, চেচামুখ, আৱৰঘাট, ৩ নং কৈৱৰ্ত গাঁৱকে ধৰি কুৰিখনৰো অধিক গাঁৱৰ ৰাইজ সৰ্বস্বান্ত হৈ হাহাকাৰ কৰিব লগা হৈছে।

মঙলবাৰে বানপীড়িত ৰাইজৰ কাষত থিয় দিয়াৰ লগতে ৰাইজক উদ্ধাৰ আৰু সহযোগিতা কৰা বৃহত্তৰ মৰঙি অঞ্চলৰ সংগ্ৰামী নেতা তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পিণ্টু গগৈয়ে কয় যে, নীপকোৱে কোনো জাননী জাৰি নকৰাকৈ নদীবান্ধৰ পানী খুলি দিয়াৰ বাবে নীপকো কৰ্তৃপক্ষৰ বিৰুদ্ধে চৰকাৰ আৰু প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

যোৱা জুলাই মাহত তথা দুমাহৰ পূৰ্বে হোৱা বছৰটোৰ প্ৰথমটো বানৰ এই স্থান সমূহৰ বানপীড়িত ৰাইজৰ খবৰ লবলৈ অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে এমাহৰ ভিতৰত উপযুক্ত ক্ষতিপূৰণ আৰু কঠীয়া যোগান ধৰা, ভগ্নপ্ৰায় মথাউৰি আৰু শ্লুইছ গেট সমূহ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু প্ৰথমটো বানৰ দুমাহৰ পাছতো কোনো বানপীড়িত ৰাইজে ক্ষতিপূৰণ নাপালে।

ভাঙি যোৱা চুইছ গেট সমূহ আৰু মথাউৰি সমূহ নিৰ্মাণ নকৰিলে সেইহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মিছলীয়া আখ্যা দি সাধাৰণ বানপীড়িত ৰাইজক কিয় অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাম ঠগন দিলে বুলি প্ৰশ্ন কৰে নেতাগৰাকীয়ে।

আনহাতে এতিয়া পুনৰ বছৰটোৰ দ্বিতীয়টো বানত ডুবিল মৰঙি মৌজাএকেখিনি গাঁৱৰ মানুহ। বানপীড়িত ৰাইজৰ হৈ পিণ্টু গগৈয়ে কয়, এই বানপীড়িত মানুহখিনিৰ একমাত্ৰ উপাৰ্জনৰ পথ হৈছে ধানখেতি আৰু বামখেতি।

 এই মৰঙি অঞ্চলৰ খেতিয়কৰ দহ হাজাৰ বিঘাৰো অধিক কৃষকৰ সপোনৰ সেউজীয়া কৃষিভূমি পানীৰ তলত বুৰ গৈ আছে, মানুহ সকলো হেৰুৱাইছে। আমাৰ কৃষকে এবিঘা মাটিত ১৫ৰ পৰা ২০ মোন ধান উৎপাদন হয় গতিকে ইয়াৰ উপযুক্ত ক্ষতিপূৰণ তাৎক্ষণিকভাৱে দিবলৈ চৰকাৰক দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

 যদিহে এইবাৰ পুনৰ বানপীড়িত ৰাইজক ক্ষতিপূৰণ দিয়াৰ পৰা চৰকাৰে বঞ্চিত কৰে তেন্তে মৰঙি অঞ্চলৰ ২০ খনৰো অধিক গাঁৱৰ কৃষক ৰাজপথলৈ ওলাই আহিব কৃষক বিদ্ৰোহ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

বান গোলাঘাট