/asomiyapratidin/media/media_files/2025/09/15/whatsapp-image-2025-09-15-17-26-42.jpeg)
ডিজিটেল সংবাদ, ছয়দুৱাৰঃ ব্ৰহ্মাজান আৰু ছত্ৰং নৈৰ খৰস্ৰোতা বাঢ়নী পানীয়ে দেওবাৰৰ মাজ নিশাৰে পৰা বুৰাই পেলাই গহপুৰ সমজিলাৰ বিস্তৃৰ্ণ অঞ্চল। ধাৰাসাৰ বৰষুণৰ ফলত ওফন্দি অহা বাঢ়নী পানীয়ে ব্ৰহ্মাজান আৰু ছত্ৰং নৈৰ মথাউৰি ছিঙি কেইবাখনো গাঁও জলমগ্ন কৰি তোলাৰ লগতে খেতি পথাৰৰ যথেষ্ট ক্ষতিসাধন কৰে।
গহপুৰ সমজিলাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ব্ৰহ্মাজান নৈৰ মথাউৰি সোমবাৰে পুৱতি নিশা দৰিয়াখাটৰ ওচৰত ছিঙি নিয়ে।ফলত মথাউৰিৰ ছিঙা অংশৰে তীব্ৰ গতিৰে সোমাই অহা খৰস্ৰোতা বাঢ়নী পানীয়ে মূহুৰ্তৰ ভিতৰতে বুঢ়াই পেলাই দৰিয়াখাট, মহেন্দ্ৰপুৰ, কঠাইচুক, খাটৰবাৰীকে ধৰি একাধিক গাঁও। ৰাস্তা-ঘাট,ঘৰ-বাৰী আদি বাঢ়নী পানীৰে একাকাৰ হৈ পৰাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/15/whatsapp-image-2-2025-09-15-17-25-01.jpeg)
উক্ত গাঁও সমূহৰ মাজেৰে যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰাৰ ফলত বিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকল বিদ্যালয়লৈ যোৱাৰ পৰা বিৰত থাকিবলগীয়া হয়। শেহতীয়া বাঢ়নী পানীয়ে খেতি পথাৰৰ যথেষ্ট ক্ষতিসাধন কৰাৰ ফলত কৃষক সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। উত্তৰাঞ্চলৰ ভোলাগুৰি চাহ বাগিচা আৰু বালিজান ফৰেষ্টৰ বিভিন্ন গাঁও বুৰাই পেলাই বাঢ়নী পানীয়ে। বহু পৰিয়ালৰ ঘৰৰ ভিতৰত পানী সোমাই যথেষ্ট অনিষ্ট সাধন কৰিছে শেহতীয়া বাঢ়নী পানীয়ে।ইপিনে হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত মধ্য ছত্ৰঙটো সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ।
ইফালে, গহপুৰ পৌৰসভাৰ অন্তৰ্গত ৭ নং ৱাৰ্ডৰ মধ্য ছত্ৰঙত ছত্ৰং নৈৰ মথাউৰিৰ বহু অংশ পুৱা প্ৰায় ৪-৩০ বজাত ছিঙি নিয়ে ছত্ৰং নৈৰ খৰস্ৰোতা বাঢ়নী পানীয়ে। ফলত মথাউৰিৰ ছিঙা অংশৰে তীব্র গতিৰে পানী সোমাই জলমগ্ন কৰি তোলে মধ্য ছত্ৰঙৰ বিস্তৃৰ্ণ অঞ্চল। শেহতীয়া বাঢ়নী পানীয়ে মধ্য ছত্ৰঙৰ শতাধিক পৰিয়ালৰ ঘৰ বাৰী পানীৰে একাকাৰ কৰি তোলা পৰিলক্ষিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/15/whatsapp-image-2025-09-15-17-25-21.jpeg)
উল্লেখযোগ্য যে-গহপুৰ সমজিলাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মাজান আৰু ছত্ৰং নৈৰ মথাউৰি নিৰ্মাণ আৰু মেৰামতিৰ বাবে জলসম্পদ বিভাগে প্ৰতি বছৰে কোটি কোটি টকা খৰছ কৰি আহিছে যদিও ভুক্তভোগী ৰাইজে জলসম্পদ বিভাগৰ কোটিটকীয়া বান প্ৰতিৰোধ আঁচনি সমূহৰ পৰা কোনো ধৰণৰ সকাহ পোৱা নাই।ইয়াৰ বিপৰীতে জলসম্পদ বিভাগৰ একাংশ বিষয়া,অভিযন্তা,ঠিকদাৰৰহে পকেট গৰম হৈছে। যাৰ ফলত জলসম্পদ বিভাগটোৰ প্ৰতি ভুক্তভোগী ৰাইজৰ অকণো আস্থা আৰু বিশ্বাস নোহোৱা হৈছে।
আনহাতে সোমবাৰে পুৱাৰে পৰা উক্ত বানাক্ৰান্ত অঞ্চল সমূহ পৰিদৰ্শন কৰি বান কবলিত ৰাইজৰ ক্ষয় ক্ষতিৰ বুজ লয় হেলেম ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া নমিতা বৰাই। স্থানীয় গাঁও প্ৰধান আৰু সংশ্লিষ্ট এলেকাৰ লাট মণ্ডল সমূহক লগত লৈ উক্ত অঞ্চল সমূহ পৰিদৰ্শন কৰে চক্ৰ বিষয়াগৰাকীয়ে। বানাক্ৰান্ত ৰাইজক চৰকাৰী বিধি অনুসৰি চৰকাৰী ভাবে খাদ্য সামগ্ৰী যোগানৰ কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে নমিতা বৰাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us