উজনিলৈ ভাল খবৰঃ লীলাবাৰীৰ পৰা শ্বিলং আৰু জিৰ’লৈ কালিৰে পৰা উৰিব বিমান...

author-image
Asomiya Pratidin
New Update
উজনিলৈ ভাল খবৰঃ লীলাবাৰীৰ পৰা শ্বিলং আৰু জিৰ’লৈ কালিৰে পৰা উৰিব বিমান...

lilabari airport

ডিজিটেল সংবাদ লখিমপুৰঃ লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰক আন্তঃৰাষ্ট্ৰীয় মানৰ বিমান বন্দৰলৈ উন্নিত কৰাৰ প্ৰয়াস চলিছে ৷ মোহনবাৰী বিমান বন্দৰৰ পাছতেই উত্তৰ অসমৰ অন্যতম বিমান কোঠটো সজাই তোলা হৈছে অত্যাধুনিক সুবিধাৰে ৷

Advertisment

ইতিমধ্যে লীলাবাৰীত আৰম্ভ হ’ল পাইলটৰ প্ৰশিক্ষণ ৷ বিমান বন্দৰটোৰ কৰ্তৃপক্ষৰ মতে ৰাজ্যবাসীৰ বাবে এটা অতি ভাল খবৰ যে চৰকাৰী ভাৱে এভিয়েচন একাডেমী এখনৰো আৰম্ভ কৰাৰ প্ৰস্তুতি চলিছে লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত ৷

যোৱা বছৰ অক্টোবৰত এয়াৰ পৰ্ট অথিৰিটি অৱ ইণ্ডিয়াই এই কথা জনাইছিল লখিমপুৰ জিলা প্ৰশাসনক ৷ বিশ্বৰ যিকোনো মানৰ আন্তঃৰাষ্ট্ৰীয় বিমান কোঠৰ লগত ফেৰ মাৰিব পৰাকৈ অত্যাধুনিক সুবিধাৰে নাইট লেণ্ডিংৰ ব্যৱস্থাৰে নিৰ্মাণ কৰা হৈছে লীলাবাৰী বিমান কোঠক ৷

আনহাতে একে সময়তে এয়াৰ এছিয়াৰ বিমানৰে লীলাবাৰী লগত মুম্বাই, দিল্লী আৰু জয়পুৰক সংযোগ কৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে ৷ ইয়াৰোপৰি নিতৌ কাৰ্গো বিমান চলোৱাৰো প্ৰস্তুতি লীলাবাৰীৰ পৰা দেশৰ ভিন্ন প্ৰান্তলৈ ৷

তদুপলক্ষে লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰক এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিমান বন্দৰ ৰূপে গঢ় দিয়াৰ উদ্যোগ লৈছে এয়াৰ পৰ্ট অথিৰিটি অৱ ইণ্ডিয়াই ৷ সেই উদ্দেশ্যৰে সম্প্ৰতি আটকধুনীয়াকৈ সজাই তোলা হৈছে লীলাবাৰীক ৷

ইতিমধ্যে লীলাবাৰীত ২.৬ কিঃমিঃ ৰানৱে নিৰ্মাণ কৰি নিশাৰ ভাগত বিমান অৱতৰণৰো ব্যৱস্থা কৰা হৈছে ৷ এক সাক্ষাৎকাৰত অলপতে এই কথা ব্যক্ত কৰে লীলাবাৰী বিমান বন্দৰ প্ৰাধিকাৰী অনিল হৰি ভাও সিন্ধেই ৷

উল্লেখযোগ্য যে, ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ সমপৰ্য্যায়ৰ ৰান ৱে থকা লীলাবাৰীত নিতৌ অৱতৰণ কৰিছিল দুখনকৈ যাত্ৰীবাহী বিমান ৷ পুৱা ১১ বজাত কলকাতাৰ পৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমান লীলাবাৰীত অৱতৰণ কৰাৰ বিপৰীতে আনখন ফ্লাই বিগৰ বিমানে সন্ধিয়া ৬-৩০ বজাত গুৱাহাটী অভিমুখে নিতৌ উৰণ সম্পন্ন কৰিছিল ৷

পিছে অনিবাৰ্য কাৰণবশতঃ সেই বিমান চলাচল বন্ধ হয় যোৱা মে’ মাহৰ পৰা ৷ বিমান বন্দৰ প্ৰাধিকাৰীগৰাকীৰ মতে পৰ্যাপ্ত যাত্ৰী নিতৌ লাভ কৰিছে এয়াৰ ইণ্ডিয়াৰ বিমান খনে ৷

বিমানখনৰ দীৰ্ঘ দিন উৰণ সফলতাৰ পাছত সম্প্ৰতী দিল্লী, মুম্বাই ,ৰাজস্থানৰ লগতো লীলাবাৰীক বিমানেৰে সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছে ৷ যোৱা মাৰ্চতো লীলাবাৰীত অৱতৰণ কৰাৰ কথা আছিল দেশৰ আগশাৰীৰ বিমান সেৱা এয়াৰ এছিয়াৰ বিমান ৷

প্ৰথম পৰ্যায়ত এয়াৰ এছিয়াৰ দুখন বিমানেৰে দিল্লী আৰু জয়পুৰৰ লগত সংযোগ স্থাপনৰ লক্ষ্য লোৱা হৈছিল যদিও মুৰকত সেয়া সম্ভৱ নহ’ল ৷ ইতিমধ্যে এই সন্দৰ্ভত মিনিষ্ট্ৰী অৱ চিভিল এভিয়েচনৰ লৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল স্থানীয় সাংসদ প্ৰদান বৰুৱাৰ জৰিয়তে ৰাজ্য চৰকাৰে ৷

তদুপৰি এভিয়েচন একাডেমীৰ বাবে প্ৰয়োজনীয় ২৫ একৰ ভূমিৰ ১৮ একৰ ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ লীলাবাৰী বিমান বন্দৰৰ লগতে এই ভূমি সংযোগ ঘটাই এভিয়েচন একাডেমীৰ পৰিকল্পনা কৰা হৈছে ৷

উল্লেখ্য যে, উত্তৰ অসমৰ মাজুলী লখিমপুৰ আৰু ধেমাজিৰ পৰ্যটনৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি উৎপাদিত সামগ্ৰীৰ বৰ্হি বাণিজ্যৰ উদ্দেশ্যত অচিৰেই লীলাবাৰীৰ পৰা লজিষ্টিক বিমান কাৰ্গো চলাচলৰ ব্যৱস্থা কৰাৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ আছিল যদিও কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহনে সেই প্ৰস্তাৱক গুৰুত্ব দিয়া নাই ৷

ইয়াৰ বিপৰীতে ৩০ অক্টোবৰ দেওবাৰে আনুষ্ঠানিক ভাৱে এলায়েন্স এয়াৰৰ বিমান সেৱাত সংযোগ হ’ব লীলাবাৰী বিমান কোঠ ৷ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ভাৰ্চুৱেলী এই বিমান সেৱাৰ শুভাৰম্ভ কৰিব ৷

সপ্তাহত চাৰিদিন এই বিমান শ্বিলঙলৈ আৰু দুদিন জিৰ’ লৈ উৰিব ৷ লীলাবাৰীৰ পৰা পুৱা ১০-৩০ উৰণ আৰম্ভ কৰি শ্বিলঙত বিমানখনে ১১- ৩০ত অৱতৰণ কৰিব ৷ ঠিক সেইদৰে ১১-৫৫ মিনিটত উৰণ আৰম্ভ কৰি লীলাবাৰীত ১২-৫৫ ত অৱতৰণ কৰিব ৷

ঠিক সেইদৰে সপ্তাহত দুদিন এই বিমান অৰুণাচলৰ জিৰ’লৈ যাব ৷ লীলাবাৰী পৰা ১১-৫৫ মিনিটত উৰণ আৰম্ভ কৰি জিৰ’ত ১২-২৫ ত উপস্থিত হ’ব ৷ ঠিক সেইদৰে জিৰ’ৰ পৰা ১২-৪৫ মিনিটত উৰণ আৰম্ভ কৰি লীলাবাৰীত ১৩-১৫ মিনিটত অৱতৰণ কৰিব ৷ কেন্দ্ৰীয় চৰকাৰৰ উড়ান আঁচনিৰ অধিনত এই বিমান সেৱা প্ৰৱৰ্তন কৰা হৈছে ৷

assam lilabari airport air asia