মধ্যপ্ৰাচ্যত অস্থিৰতাঃ এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বহু বিমান

আমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। শেহতীয়াকৈ ততৃীয় দিনাও অব্যাহত আছে উত্তেজনা।

author-image
Asomiya Pratidin
New Update
new ap web 11-

ডিজিটেল ডেস্কঃ আমেৰিকা,ইজৰাইল,ইৰানৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। শেহতীয়াকৈ ততৃীয় দিনাও অব্যাহত আছে উত্তেজনা। তাৰ মাজতে আহিছে আন এক খবৰ। কিয়নো ইউৰোপৰ বিভিন্ন চহৰলৈ বহু বিমান বাতিল কৰে । 

উল্লেখ্য যে, ভাৰতৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে দেওবাৰে ঘোষণা কৰে যে মধ্যপ্ৰাচ্যৰ এনে পৰিস্থিতিৰ ফলত ভাৰতীয় বিমান সংস্থাসমূহে ৭০০ৰো অধিক বিমান বাতিল কৰাৰ কথা।  লগতে মধ্যপ্ৰাচ্যত ক্ৰমাৎ বৃদ্ধি পোৱা সংকটৰ বাবে বিমান পৰিচালনাত যথেষ্ট ব্যাঘাত জন্মিছে।  অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে উল্লেখ কৰি কয় যে- ভাৰতীয় বিমান সংস্থাই দেওবাৰে ৩৫০খন আন্তঃৰাষ্ট্ৰীয় বিমান বাতিল কৰে ৷ 

আবুধাবী, দোহা, জেদদাহ, কুৱেইট আৰু ৰিয়াধলৈ চলিবলগীয়া সকলো বিমান ৩ মাৰ্চলৈ বাতিল কৰা হৈছে। ৭ মাৰ্চলৈকে বুকিং থকা যাত্ৰীসকলে বিনামূলীয়াকৈ টিকট পুনৰ নিৰ্ধাৰণ বা সম্পূৰ্ণ ধন ঘূৰাই ল’ব পাৰিব বুলি বিমান সমস্থাসমূহে উল্লেখ কৰে। 

এইখিনিতে উল্লেখ কৰিব লাগিব যে দেওবাৰে সামাজিক মাধ্যমত এয়াৰ ইণ্ডিয়াই এক পোষ্টত উল্লেখ কৰে যে- আজি দিনটোত প্ৰায় ১৬০ খনৰো অধিক আন্তঃৰাষ্ট্ৰীয় বিমান বাতিল কৰাৰ কথা। 

আন্তঃৰাষ্ট্ৰীয় বিমান বাতিল