
ডিজিটেল ডেস্কঃ নক্সালবাদীৰ ভাবুকৰি পিছতো ছত্তীশগড়ত ভোটদান ব্যাপক হাৰত চলি থকা পৰিলক্ষিত হৈছে। সোমবাৰে ৰাজ্যখনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ কাৰ্যসূচীৰ মাজতে বীজাপুৰত নক্সালবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণ চলায়। যাৰ ফলত ৩ নিৰাপত্তাৰক্ষী জোৱান আহত হোৱাৰ লগতে নিৰাপত্তাৰক্ষীৰ গুলীত ৫ জন নক্সালবাদী সদস্য নিহত হয়।
জানিব পৰা মতে, সোমবাৰে দুপৰীয়াৰ ভাগত বীজাপুৰৰ পামেদত ভোট কেন্দ্ৰত ভোটদান চলি থকাৰ সময়তে এটা নক্সালবাদীৰ দলে ভোটকেন্দ্ৰটোৰ নিৰাপত্তাত নিয়োজিত জোৱানৰ ওপৰত গুলীবৰ্ষণ কৰে। তাৰ প্ৰত্যুত্তৰ দি নিৰাপত্তাৰক্ষী বাহিনীয়েও গুলীবৰ্ষণ কৰে। এই সংঘৰ্ষত ৩জন জোৱান আহত হোৱাৰ বিপৰীতে নিহত হয় ৫ নক্সালবাদী।
উল্লেখ্য যে, ছত্তীশগড়ত বিধানসভা নিৰ্বাচনক লৈ সৰৱ হৈ পৰিছে নক্সালবাদী সংগঠন। সংগঠনটোৱে ভোট দিবলৈ অহা সাধাৰণ নাগৰিকক হত্যাৰ ভাবুকি পৰ্যন্ত প্ৰদান কৰে। যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনে প্ৰতিটো ভোট কেন্দ্ৰতে পৰ্যাপ্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰে।
আনহাতে নক্সালবাদীৰ ভাবুকিৰ পিছতো আজি ৰাজ্যখনত ভোটাধিকাৰ সাব্যস্ত কৰাৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। 'ভোটদান কৰিলে নক্সালবাদীয়ে আঙুলি কটাৰ ভাবুকি দিছে। কিন্তু তাৰ পিছতো পূৰ্বৰ নিৰ্বাচনৰ তুলনাত এইবাৰ ভোট দানৰ হাৰ বৃদ্ধি পাইছে।' -এই মন্তব্য কৰে এগৰাকী নিৰপত্তাৰক্ষী বিষয়াই।
ৰাজ্যখনত আবেলি ৩ বজা পৰ্যন্ত ৪৭.১৮ শতাংশ ভোটদান সম্পূৰ্ণ হৈছে। এই সংখ্যাই পূৰ্বৰ নিৰ্বাচনৰ ভোটদানৰ ৰেকৰ্ড ভংগ কৰিছে। আনহাতে সন্ধিয়া পৰ্যন্ত ভোটদানৰ সংখ্যা ৭৫ৰ পৰা ৮০ শতাংশ পৰ্যন্ত হ'ব বুলি আশা কৰিছে নিৰ্বাচনী আয়োগে।