বাক্সা কাৰাগাৰলৈ প্ৰেৰণ শ্যামকানুসহ ৫ অপৰাধী : এতিয়াও জিম্মাত আছে শেখৰজ্যোতি-অমৃতপ্ৰভা

শ্যামকানুসহ ৫ অপৰাধীক নিম্ন আদালতত হাজিৰ কৰাৰ পাছত বাক্সা জে’ললৈ নিয়া হৈছে যদিও কেইদিনমানৰ পিছতে চি আই ডিত পঞ্জীভূক্ত ১৯/২৫ নম্বৰৰ গোচৰত সিদ্ধাৰ্থ, শ্যামকানুক চি আই ডিয়ে পুনৰ আটক কৰাৰ সম্ভাৱনা আছে। 

author-image
Asomiya Pratidin
New Update
527

ডিজিটেল ডেস্ক : শ্যামকানুসহ ৫ অপৰাধীক নিম্ন আদালতত হাজিৰ কৰাৰ পাছত বাক্সা জে’ললৈ নিয়া হৈছে যদিও কেইদিনমানৰ পিছতে চি আই ডিত পঞ্জীভূক্ত ১৯/২৫ নম্বৰৰ গোচৰত সিদ্ধাৰ্থ, শ্যামকানুক চি আই ডিয়ে পুনৰ আটক কৰাৰ সম্ভাৱনা আছে। 

উল্লেখ কৰা প্ৰয়োজন যে, বাক্সাত চলিত বৰ্ষৰ জুন মাহত মুকলি কৰা এই কাৰাগাৰখন হ’ল ১৫শ কাৰাবন্দীক ৰাখিব পৰা আৰু অত্যধুনিক সা-সুবিধাৰে পৰিপূৰ্ণ এক কাৰাগাৰ। নিৰাপত্তা ব্যৱস্থাও ইয়াত কটকটীয়া। অৱশ্যে এতিয়ালৈ এই কাৰাগাৰত এজনো বন্দী ৰখা হোৱা নাছিল।

এক কথাত শ্যামকানু মহন্তহঁতে সদ্য উন্মোচিত কাৰাগাৰখনৰ প্ৰথম আলহী হ’ব। অৱশ্যে অৰ্থনৈতিক অপৰাধ সংক্ৰান্তীয় ১৯/২৫ নম্বৰৰ গোচৰ আৰু এনফ’ৰ্চমেণ্ট ডাৰেক্টৰেটে ৰুজু কৰা গোচৰৰ বাবে তেওঁলোকক পুনৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা নথকা নহয়। 

ইফালে শ্যামকানুহঁতক গ্ৰেপ্তাৰৰ ৩দিন পিছতহে গ্ৰেপ্তাৰ কৰা ছিংগাপুৰ কাণ্ডৰ আন দুই খলনায়ক শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত এতিয়ালৈকে আৰক্ষীৰ জিম্মাতে আছে। আৰক্ষী জিম্মাৰ ম্যাদ শেষ হোৱা নাই বাবে আজি তেওঁলোকক আদালতত হাজিৰ কৰোৱা নাই। 

তদুপৰি তেওঁলোকক ছিংগাপুৰ আৰক্ষীয়ে ৰুজু কৰা গোচৰৰ তদন্ত আৰু তাত সম্পাদিত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আদি বিষয়ত সোধা-পোচা কৰিব লগা হোৱাৰ সম্ভাৱনাও নোহোৱা নহয়। এনে প্ৰেক্ষাপটতে তেওঁলোক কাৰাগাৰলৈ যোৱা বিষয়টো এতিয়াও স্পষ্ট হোৱা নাই।

শ্যামকানু মহন্ত