লকডাউনত মাছেৰে এসাঁজ খোৱাৰ হেপাঁহঃ পুৱা ৫ বজাৰ পৰা ধৰিলে লাইন…VIDEO

লকডাউনত মাছেৰে এসাঁজ খোৱাৰ হেপাঁহঃ পুৱা ৫ বজাৰ পৰা ধৰিলে লাইন…VIDEO

author-image
asomiyapratidin
New Update
লকডাউনত মাছেৰে এসাঁজ খোৱাৰ হেপাঁহঃ পুৱা ৫ বজাৰ পৰা ধৰিলে লাইন…VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ লকডাউনৰ সময়ত মাছেৰে এসাঁজ খাবলৈ কাৰনো মন নাযায়। বহুদিন মাছ-মাংসৰ সোৱাদ নোপোৱা গুৱাহাটীবাসীয়ে শনিবাৰে পুৱাই মাছ ক্ৰয় কৰিবলৈ হেতা-ওপৰা লগালে ফিছফেডৰ বিক্ৰী কেন্দ্ৰত। পুৱা ৫ বজাৰে পৰা মাছৰ বাবে শাৰী পাতি থিয় হৈ থকা প্ৰায় ১০০ গৰাকী লোকক মাছ বিক্ৰী কৰাৰ বাবে কুপনৰ ব্যৱস্থা কৰিলে ফিছফেডে।

Advertisment

পুৱা ৫ বজাৰে শাৰী পাতি থকা বহুলোকে কুপন নাপাই বেজাৰ মনেৰে ঘূৰি যাব লগা হ'ল। ইয়াৰ বিপৰীতে একাংশই শাৰীত থাকিও কুপন লাভ নকৰাৰ বাবে আক্ষেপেৰে প্ৰতিবাদো কৰিলে। ইয়াৰ মাজতে সকলোকে লাইনত থিয় হৈ শৃংখলাৱদ্ধভাৱে মাছ ক্ৰয় কৰাৰ বাবে অনুৰোধ জনালে ফিছফেডৰ কৰ্মচাৰী সকলে।

ফিছফেডৰ বিক্ৰী কেন্দ্ৰত একাংশ লোকে শৃংখলাৱদ্ধতা বজাই নৰখাৰ উপৰি তৰ্কত লিপ্ত হোৱাৰ বাবে পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল যাৰবাবে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিবলগীয়া হয়। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণক ফিছফেডে জনোৱা মতে, শনিবাৰে প্ৰায় ৮০০ কেজি মাছ বিক্ৰীৰ বাবে অনা হৈছে।

উল্লেখ্য যে, শুকুৰবাৰৰে পৰা মাছ বিক্ৰীৰ দিহা কৰিছে ফিছফেডে। যোৱা শুকুৰবাৰে প্ৰায় ১১০০ কেজি মাছ বিক্ৰী কৰা হৈছিল। শুকুৰবাৰেও অসংখ্য লোকে পুৱা ৫ বজাৰে পৰা মাছ বিচাৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল।