/asomiyapratidin/media/media_files/2026/01/31/uyyfr56rf-2026-01-31-11-03-06.jpg)
ডিজিটেল সংবাদ, নুমলীগড়ঃ অসমৰ চাহ মূল্য শৃংখলাত জড়িত গ্ৰামীণ মহিলা উদ্যোগীসকলৰ সাফল্য, সংগ্ৰাম আৰু সম্ভাৱনাক উদযাপন কৰাৰ উদ্দেশ্যে আয়োজিত Tea-RWE ৰাজ্যিক পৰ্যায়ৰ সমাৱেশ কাৰ্বি আংলং জিলাৰ দেইথৰস্থিত মনিৰাম লাংনেহ প্ৰেক্ষাগৃহত শুকুৰবাৰে অনুষ্ঠিত হৈ যায়।
এই সমাৱেশখন ৰাজ্যিক পৰ্যায়ত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এক গুৰুত্বপূৰ্ণ আৰু ব্যতিক্ৰমী পদক্ষেপ হিচাপে চিহ্নিত হৈছে। কাৰ্বি আংলং জিলাৰ নিলীপ, বোকাজান আৰু ৰংমংভে ব্লকসমূহত শিল্পধৰ্মী সেউজীয়া চাহ প্ৰস্তুতকৰণৰ সৈতে জড়িত প্ৰায় ৫০০গৰাকী গ্ৰামীণ মহিলা উদ্যোগীয়ে (Rural Women Entrepreneurs – RWEs) এই সমাৱেশত অংশগ্ৰহণ কৰে।
এই সমাৱেশত ‘উদ্যমিনী চাহ RWE’ সকলৰ যাত্ৰা, অভিজ্ঞতা আৰু সাফল্য বৰ্ণনা কৰাৰ লগতে সংশ্লিষ্ট অংশীদাৰসকলৰ সৈতে গঠনমূলক সংলাপ অনুষ্ঠিত হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল তিলোত্তমা হাস্নু (কাৰ্যনিৰ্বাহী সদস্য, ধনশিৰি, কাৰ্বি আংলং), লোকেন দাস (চীফ জেনেৰেল মেনেজাৰ, NABARD), দিনমণি কাকতি আৰু অঞ্জন গগৈ (সহকাৰী সঞ্চালক, চাহ উন্নয়ন বিভাগ), অন্তু দাস (ASRLM), চাৰ পাংৰি ৰংহাং (কাৰ্বি আংলং জিলা প্ৰশাসন), স্বাতি ভোগলে (SELCO Foundation) আৰু কৃপেশ নেওগ (কাৰ্বি আংলং ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা)।
বক্তাসকলে গ্ৰামীণ মহিলা উদ্যোগীসকলৰ অৰ্থনৈতিক সৱলীকৰণ আৰু অসমৰ চাহ উদ্যোগত তেওঁলোকৰ বৰ্ধিত ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰিও চাহ ব’ৰ্ড অৱ ইণ্ডিয়া, NABARD, অসম কৃষি বিশ্ববিদ্যালয়, ASRLM, কাৰ্বি আংলং জিলা প্ৰশাসন, ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু উদ্যমিনী অংশীদাৰ সকলৰ সক্ৰিয় অংশগ্ৰহণে সমাৱেশখন অধিক ফলপ্ৰসূ কৰি তোলে।
উল্লেখযোগ্য যে, এই Tea-RWE ৰাজ্যিক পৰ্যায়ৰ সমাৱেশখন Transform Tradeৰ উদ্যোগত আয়োজন কৰা হয়, য’ত Grassroots Tea Corporation Private Limited প্ৰযুক্তিগত অংশীদাৰ হিচাপে সংযুক্ত আছিল। Transform Trade হৈছে Udyamini – Rural Women Entrepreneurs Programme (RWEP)ৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ। সমাৱেশখন গ্ৰামীণ মহিলা উদ্যোগীসকলৰ কণ্ঠস্বৰ অধিক শক্তিশালী কৰি তোলাৰ লগতে অসমৰ চাহ অৰ্থনীতিত তেওঁলোকৰ অৱদানক ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰখুটি হিচাপে পৰিগণিত হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us