/asomiyapratidin/media/media_files/2025/09/14/ap-web-session-1-2025-09-14-12-37-37.jpg)
ডিজিটেল ডেস্কঃ দ্য কনক্লেভ-২০২৫’ ৰ প্ৰথম দিনটোৰ ‘উত্তৰ পূব আৰু সীমান্ত’ শীৰ্ষক প্ৰথমখন আলোচনা চক্ৰত অংশগ্ৰহণ কৰিছে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক অমৰজিৎ সিং আৰু ইনষ্টিটিউট অফ চাইনিজ ষ্টাডিছ, নতুন দিল্লীৰ ‘ভিজিটিং এছ'চিয়েট ফেল’ মিৰজা জুলফিকুৰ ৰহমানে।
মৃণাল তালকুদাৰে আঁতধৰা এই অনুষ্ঠানে দক্ষিণ, দক্ষিণ-পূব এছিয়া আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ প্ৰত্যাহ্বান, সুৰক্ষা আদিৰ সন্দৰ্ভত বস্তুনিষ্ঠ আলোচনাৰ প্ৰয়াস কৰা হৈছে। বিশেষকৈ সীমান্ত ৰাষ্ট্ৰ কেইখনৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি দৃষ্টি ৰাখি এই আলোচনাক আগবঢ়াই নিয়া হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/14/d77e5703-1f29-4bef-abd7-081cedcfe378-2025-09-14-12-36-15.jpeg)
অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই উত্তৰ পূৰ্বাঞ্চলৰ সীমান্ত আৰু ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহে সন্মুখীন হোৱা পৰিস্থিতিৰ সন্দৰ্ভত ব্যাখ্যা কৰি কয়, উত্তৰ পূৰ্বাঞ্চলৰ সীমান্ত কৌশলগত কাৰণত দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। বিশ্বজুৰি যি ধৰণে পৰিৱর্তন ঘটিছে, তাৰ প্ৰভাৱো উত্তৰ পূৰ্বাঞ্চলত পৰিছে।
তেওঁ কয়, বাংলাদেশত হোৱা সাম্প্ৰতিক পৰিৱর্তন, ম্যানমাৰত চলি থকা অস্থিৰতা আৰু নেপালত হোৱা শেহতীয়া নতুন পৰিৱর্তনে আমাৰ দেশৰ ওপৰত বিশেষ প্ৰভাৱ পেলাইছে। উত্তৰ পূৰ্বাঞ্চলৰ সীমান্তসমূহ এতিয়াও ছিদ্ৰযুক্ত (porous)। সীমান্তৰ তেনে অঞ্চলৰ জৰিয়তে মানুহৰ প্ৰবজন চলি আহিছে। যাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ অংশ বিশেষে সামাজিক চাপো সৃষ্টি হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/14/47b083c6-50ca-4a00-8b3a-afc4310058dd-2025-09-14-12-36-28.jpeg)
তেওঁ লগতে কয়, এনেবোৰ কাৰণতে জনগোষ্ঠীয় সংঘাতৰ সমস্যাৰে আমি আগবাঢ়িছো। সেয়ে সীমান্তৰ উন্নয়ন কৰিব লাগিব আৰু সুৰক্ষা কৰ্মী অধিক নিয়োগ কৰিব লাগিব। সুৰক্ষা ব্যৱস্থা অধিক ‘স্মাৰ্ট’ কৰাৰ লগতে এআইৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব।
উত্তৰ পূব আৰু সীমান্ত’ শীৰ্ষক প্ৰথমখন আলোচনাত অংশগ্ৰহণ কৰি জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক অমৰজিৎ সিঙে কয়, উত্তৰ পূৰ্বাঞ্চলক কেইবাখনো দেশে আগুৰি আছে। ইয়াৰ আন্তৰ্জাতিক সীমান্তই সুযোগ আৰু প্ৰত্যাহ্বান দুয়োটাকে সামৰি লয়। নেপাল, বাংলাদেশত যি পৰিস্থিতিৰ সূচনা হৈছে সেয়া যুৱ সমাজৰ অসন্তোষ, বিশেষকৈ সীমিত সংস্থাপনৰ বৃদ্ধিৰ বাবে হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰো যুৱক-যুৱতীৰ মাজত বৃদ্ধ ৰোৱা হতাশায়ো এই অঞ্চলটোলৈয়ো প্ৰত্যাহ্বান কঢ়িয়াই আনিব পাৰে।
ইনষ্টিটিউট অফ চাইনিজ ষ্টাডিছ, নতুন দিল্লীৰ ‘ভিজিটিং এছ'চিয়েট ফেল’ মিৰ্জা জুলফিকুৰ ৰহমানে ‘উত্তৰ পূব আৰু সীমান্ত’ শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰি কয়, উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ এক জটিল আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল। এই অঞ্চল পেছিফিকৰ এক মুখ্য কেন্দ্ৰবিন্দু। যোৱা কিছু বছৰত এই অঞ্চলটোৰ যোগাযোগ আৰু উন্নয়ন কিছু উন্নত হৈছে যদিও ইয়াৰ প্ৰভাৱ, স্থিৰতা এতিয়াও প্ৰতিহেশী দেশসমূহৰ সৈতে সম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/14/b0554524-246a-46a9-a7f6-37c7f93f16ab-2025-09-14-12-36-40.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us