ডিজিটেল সংবাদ, ধেমাজি : বতৰ্মান অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজনীতিত বিসম্বাদৰ মূল হোতা, মুখ্যমন্ত্ৰী হ’বলৈ নাপাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগ দিছিল - এই মন্তব্য অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ ৷
শনিবাৰে ধেমাজিৰ স্বাগত হোটেলত অনুষ্ঠিত কৰা এখন সংবাদমেলত অংশগ্ৰহণ কৰি শইকীয়াই কয় যে, ২০১১ চনৰ পৰাই কংগ্ৰেছ দলত বিসম্বাদ কৰা মানুহজনেই হ’ল ড° হিমন্ত বিশ্ব শৰ্মা ৷ এই গৰাকী হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰদেশ কংগ্ৰেছ দলত থকা দিনতো আৰু বিজেপি দলত থকা দিনতো বিসম্বাদৰ মূল হোতা ৷
ড° শৰ্মা চৰকাৰৰ যুগটোৱেই হ’ল হাজাৰ হাজাৰ কোটি ঋণৰ বোজা লৈ বিলাসীতাত ধন অপচয় কৰা, অসমৰ ৰাজনীতিৰ আন্ধাৰৰ যুগ, কৰ কাটল আদায় কৰা যুগ আৰু প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰাৰ যুগ বুলি উল্লেখ কৰে ৷ অসম চৰকাৰৰ মহাধিবক্তা দেৱজিত শইকীয়াই মহাধিবক্তাৰ উপৰিও লাভজনক পদবী ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলৰ সচিবৰ পদত থাকি দেশৰ সংবিধান উলংঘা কৰাৰ সন্দৰ্ভত অসম বিধানসভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই উচ্চতম ন্যায়ালয়, গুৱাহাটী উচ্চ ন্যায়ালয়, অসমৰ ৰাজ্যপাল আৰু বাৰ কাউন্সিলক ইতিমধ্যে অভিযোগ দাখিল কৰা বুলিও সাংবাদিকক জানিবলৈ দিয়ে৷
উল্লেখ্য যে শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ বিৰোধী নেতাগৰাকীয়ে ইয়াৰ পূৰ্বে সোণোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰথম বৈঠকত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৷ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মুখপাত্ৰ শৈলেন সোণোৱালৰ সঞ্চালনাত অনুষ্ঠিত কংগ্ৰেছ আৰু সোণোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰথম বৈঠকৰ আঁত ধৰে কংগ্ৰেছৰ চ’চিয়েল মেডিয়াৰ সভাপতি হিটলাৰ শইকীয়াই ৷
সভাত সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ সম্পাদক মনোজ চৌহান, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ চাহ মজদুৰ সংঘৰ সভাপতি পৱনসিং ঘাটোৱাৰৰ লগতে দলৰ শীৰ্ষস্থানীয় নেতাসকল উপস্থিত থাকে ৷ বিৰোধী দল কংগ্ৰেছ আৰু সোণোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰথম বৈঠকত হোৱা সৰ্বসন্মতভাৱে আগন্তুক সোণোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নির্বাচনত সম্মিলিত বিৰোধী ঐক্য অটুট ৰাখি কংগ্ৰেছ, সোণোৱাল কছাৰী গণ মঞ্চ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক লৈ সম্মিলিতভাৱে প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
লগতে আগন্তুক নিৰ্বাচনত বিৰোধী ঐক্য অটুট ৰাখি কংগ্ৰেছ, সোণোৱাল কছাৰী গণ মঞ্চ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত আসন ভাগ-বাটোৱাৰৰ ক্ষেত্ৰত নির্বাচনত বিজয়ৰ সম্ভাৱনা থকা দল আৰু প্রার্থীক অগ্রাধিকাৰ দিয়া, আগন্তুক সোণোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নির্বাচন পৰিচালনা কৰিবলৈ সমষ্টিভিত্তিক নির্বাচনী কমিটি গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
আনহাতে সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদীয় নির্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ৰাজ্যিক ভিত্তিত সমন্বয়ৰক্ষী কমিটি গঠন কৰিবলৈ ৰাজ্যিক সমিতিলৈ প্রস্তাৱ গ্ৰহণ কৰি প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি ভাস্কৰ দুৱৰা, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি আৰু সম্পাদকসকলৰ লগতে নেতাকৰ্মীসকল উপস্থিত থাকে ৷