অসমত বহিঃৰাষ্ট্ৰৰ চাৰ্জনলৈ প্ৰশিক্ষণৰ বাবে অধ্যাপক সুভাষ খান্না ফেল'শ্বিপ প্ৰদান

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসিত চাৰ্জন অধ্যাপক সুভাষ খান্নাৰ সন্মানত নামকৰণ কৰা এই ফেল’শ্বিপে স্বাগত ছুপাৰ স্পেচিয়েলিটি হস্পিতাল এণ্ড চাৰ্জিকেল ইনষ্টিটিউটত উন্নত ৰবটিক চাৰ্জাৰীৰ প্ৰশিক্ষণৰ বাবে অসমলৈ বহিঃৰাষ্ট্ৰৰ চাৰ্জনক আকৰ্ষিত কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গুৱাহাটীঃ গ্ৰেট ব্রিটেইনৰ এডিনবার্গৰ সন্মানীয় ৰয়েল কলেজ অৱ চাৰ্জনছ (RCSEd)ৰ অধীনত আয়োজন কৰা ৰবটিক চাৰ্জাৰীৰ অধ্যাপক সুভাষ খান্না ট্ৰেভেলিং অবজাৰ্ভাৰশ্বিপ হ'ল দেশৰ প্ৰমখন ৰাজ্য। এয়া অসমৰ চিকিতসা খণ্ডৰ বাবে এক নতুন মাইলৰ খুঁটি ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসিত চাৰ্জন অধ্যাপক সুভাষ খান্নাৰ সন্মানত নামকৰণ কৰা এই ফেল’শ্বিপে স্বাগত ছুপাৰ স্পেচিয়েলিটি হস্পিতাল এণ্ড চাৰ্জিকেল ইনষ্টিটিউটত উন্নত ৰবটিক চাৰ্জাৰীৰ প্ৰশিক্ষণৰ বাবে অসমলৈ বহিঃৰাষ্ট্ৰৰ চাৰ্জনক আকৰ্ষিত কৰিছে।

WhatsApp Image 2025-08-09 at 6.05.18 PM (1)

বিশ্বজুৰি ৩৪ হাজাৰৰো অধিক সদস্য থকা এডিনবাৰ্গৰ ৰয়েল কলেজ অৱ চাৰ্জনছৰ প্ৰত্যক্ষ পৰামৰ্শ অনুসৰি প্ৰথমবাৰৰ বাবে এনেদৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰবটিক চাৰ্জাৰী ফেল’শ্বিপ প্ৰদান কৰা হ’ব। নিৰ্বাচিত প্ৰাৰ্থীগৰাকীক অধ্যাপক খান্নাৰ অধীনত ইনভেচিভ আৰু ৰবটিক অস্ত্ৰোপচাৰৰ চাৰি সপ্তাহৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব।

  • Simulator-based robotic surgery training
  • Observation of advanced robotic surgical procedures
  • Clinical shadowing to understand patient pathways, 

ভ্ৰমণ আৰু থকাৰ ব্যৱস্থাৰ বাবে অবজাৰ্ভাৰশ্বিপে ২০০০ পাউণ্ড পৰ্যন্ত ধন আগবঢ়াব। অঞ্চলটোত ৰবটিক অস্ত্ৰোপচাৰক আগুৱাই নিয়াত সহায়ক হোৱা অধ্যাপক খান্নাই এছ’চিয়েশ্যন অৱ ৰবটিক এণ্ড ইনোভেটিভ চাৰ্জনছৰ (এআৰআইএছ) প্ৰতিষ্ঠাপক সভাপতি হিচাপে নিজা উদ্যোগত এনে ফেল’শ্বিপ আৰু প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। উল্লেখ্য যে, ১৫ ছেপ্টেম্বৰ ২০২৫ তাৰিখ সোমবাৰে এই আবেদনৰ শেষ তাৰিখ।

WhatsApp Image 2025-08-09 at 6.05.18 PM

সমগ্ৰ বিষয় সন্দৰ্ভত অধ্যাপক খান্নাই কয়, “এয়া কেৱল কাৰিকৰী প্ৰশিক্ষণৰ কথা নহয়। ই হৈছে অস্ত্ৰোপচাৰ, উদ্ভাৱন, সহযোগিতা আৰু মমতাৰ মনোভাৱৰ এটা পদক্ষেপ। লগতে অসমৰ দৰে ৰাজ্য যে উন্নত অস্ত্ৰোপচাৰ শিক্ষণৰ বাবে বিশ্বৰ বাবে এক হাবত পৰিণত হ’ব পাৰে তাৰ আৰ্হিও ইয়াৰ জৰিয়তে দেখুৱাই দিয়া হৈছে।”

ডাঃ সুভাষ খান্না