কাশ্মীৰৰ ব্যৱসায়িক ক্ষেত্ৰখনে পাব ন ৰূপঃ অনন্তনাগলৈ চলিল মালবাহী ৰে'ল...

ভাৰতীয় ৰে'লৱেৰ বাবে এক মাইল খুটিঁ। পোন প্ৰথমবাৰৰ বাবে সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰৰ অনন্তনাগলৈ চলিল মালবাহী ৰেল। এই ৰেলৰ আগমনে ব্যৱসায়ীসকলৰ উদ্যম দুগুণে বৃদ্ধি কৰিছে। 

author-image
Asomiya Pratidin
New Update
dddd

ডিজিটেল ডেস্কঃ ভাৰতীয় ৰে'লৱেৰ বাবে এক মাইল খুটিঁ। পোন প্ৰথমবাৰৰ বাবে সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰৰ অনন্তনাগলৈ চলিল মালবাহী ৰেল। এই ৰেলৰ আগমনে ব্যৱসায়ীসকলৰ উদ্যম দুগুণে বৃদ্ধি কৰিছে। 

Advertisment

যোৱা শনিবাৰে পঞ্জাৱৰ ৰূপনগৰৰ পৰা কাশ্মীৰৰ অনন্তনাগলৈ মালবাহী ৰে’লৰ চলাচল আৰম্ভ কৰা হয়। শনিবাৰে দিনৰ প্ৰায় ১২ বজাৰ পৰা কাশ্মীৰ উপত্যকাৰ অনন্তনাগ গুডছ চেডত উপস্থিত হোৱা চিমেণ্ট কঢ়িয়াই অনা মালবাহী ৰে’লখনে কাশ্মীৰ অঞ্চলক ৰাষ্ট্ৰীয় মালবাহী নেটৱৰ্কৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত এক ডাঙৰ মাইলৰ খুঁটি হিচাপে পৰিগণিত হয়।

এই মালবাহী ৰেলৰ সংযোগে সমগ্ৰ দেশৰ বজাৰসমূহত সহজে প্ৰৱেশ কৰি কাশ্মীৰী ফল-মূল আৰু হস্তশিল্প উদ্যোগক নতুন জীৱন প্ৰদান কৰিব বুলি আশা কৰা হৈছে।  ৰে’ল মন্ত্ৰালয়ে এক বিবৃতিত কয় যে কাশ্মীৰ উপত্যকাত মালবাহী ৰে’লৰ আগমনে লজিষ্টিক আৰু অৰ্থনৈতিক বৃদ্ধিৰ নতুন যুগৰ সূচনা কৰিছে। ম

জন্মু কাশ্মীৰ