/asomiyapratidin/media/media_files/2025/04/30/9GirdILnM9N9YyS9kVXz.jpg)
ডিজিটেল ডেস্কঃ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত একপ্ৰকাৰৰ অভিলেখ গঢ়িলে পশ্চিম কাৰ্বি আংলং জিলাই। বিজ্ঞান শাখাত জিলাখনত উৰ্ত্তীণৰ হাৰ ১০০শতাংশই নহয়, উৰ্ত্তীণ প্ৰতিজন পৰীক্ষাৰ্থীয়ে লাভ কৰিলে প্ৰথম বিভাগ। মুঠ ৪০গৰাকী পৰীক্ষাৰ্থী এইবাৰ জিলাখনৰ পৰা পৰীক্ষাত অৱৰ্তীণ হৈছিল আৰু প্ৰতিগৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হবলৈ সক্ষম হৈছে।
বিজ্ঞান শাখাত অৱশ্যে সৰ্বাধিক সংখ্যক কামৰূপ জিলাৰ পৰীক্ষাৰ্থীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে। জিলাখনৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল- ৪৪৫৩গৰাকী। ইয়াৰে ২০৮৬গৰাকীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে। আনহাতে বিজ্ঞান শাখাত বৰপেটাৰ ১৭৬২গৰাকীয়ে, ধেমাজিৰ ১১৩৯গৰাকীয়ে, কামৰূপ মেট্ৰৰ ১১২২গৰাকীয়ে, নগাঁৱত ২০০৭গৰাকীয়ে, লখিমপুৰত ১০১০গৰাকীয়ে, শোণিতপুৰত ১০২৩গৰাকীয়ে প্ৰথম বিভাগ লাভ কৰিছে।
কলা শাখাত সৰ্বাধিক প্ৰথম বিভাগ লাভ কৰা জিলাখন হৈছে- দৰং জিলা। মুঠ ৭৮৭৪গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত দৰঙত ৩৩৮৬গৰাকীয়ে প্ৰথম বিভাগ লাভ কৰিছে। গোলাঘাটৰ ১৯৮২গৰাকীয়ে, যোৰহাটৰ ২০৭৩গৰাকীয়ে, কামৰূপৰ ২০৩৫গৰাকীয়ে, লখিমপুৰত ৩১৫২গৰাকীয়ে, নগাঁৱত ৩২৩৬গৰাকীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে।
বাণিজ্য শাখাত প্ৰথম বিভাগ লাভ কৰা সৰ্বাধিক শিক্ষাৰ্থী আছে কামৰূপ মহানগৰত। মুঠ ৩১৯৮গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১১৩৭গৰাকীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে কামৰূম মেট্ৰত। কাছাৰত ৪৯৩গৰাকী, দৰঙত ২০৩, ডিব্ৰুগড়ত ৪৬৫, নগাঁৱত ৪৪৪গৰাকী, তিনিচুকীয়াত ৩৬০গৰাকীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছে।