সাজু হ'ল ভাৰতৰ ব্ৰহ্মাস্ত্ৰঃ ব্ৰহ্ম'জ ক্ষেপণাস্ত্ৰৰ প্ৰথমটো ক্ষেপ মুকলি...

ব্ৰাহ্ম'জ কেৱল এটা ক্ষেপণাস্ত্রই নহয়, ই দেশৰ বৰ্ধিত থলুৱা সামৰ্থৰ প্ৰতিফলন। ব্ৰাহ্ম'জৰ পৰম্পৰাগত যুদ্ধ সামর্থ, শেহতীয়া পৰিচালনা ব্যৱস্থা থকাৰ লগতে এই ক্ষেপণাস্ত্রই অতি দ্রুতগতিত দীর্ঘ দূৰত্ব ভেদ কৰিব পাৰে....

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথে আজি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ ব্ৰাহ্ম'জ  এয়াৰ স্পেচ গোটত নির্মিত ব্ৰাহ্ম'জ ক্ষেপণাস্ত্ৰৰ প্ৰথমটো ক্ষেপ পতাকা জোকাৰি ব্যৱহাৰৰ বাবে সাজু কৰে। 

ব্ৰাহ্ম'জ

 লগতে গতি, নির্ভুলতা আৰু সামৰ্থৰ সমন্বয়ে ব্ৰাহ্ম'জক বিশ্বৰ অন্যতম উৎকৃষ্ট প্ৰণালীত পৰিণত কৰা বুলিও তেওঁ উল্লেখ কৰে।  তেওঁ লগতে কয়, দেশৰ শত্ৰুসকল আৰু কেতিয়াও ব্ৰাহ্ম'জৰ পৰা পলায় সাৰিব নোৱাৰিব।

উল্লেখ্য যে,  উত্তৰ প্ৰদেশ প্ৰতিৰক্ষা কৰিড'ৰৰ লক্ষ্ণৌ ব্ৰাহ্ম'জ গোটত প্ৰথমবাৰৰ বাবে থলুৱাভাৱে ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি চূড়ান্ত পৰীক্ষণলৈ সমগ্র প্রক্রিয়া সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হৈছে। এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে বুষ্টাৰ বিল্ডিং মুকলি কৰাৰ লগতে বুষ্টাৰ ডকিং প্ৰক্ৰিয়াৰ প্ৰদৰ্শন প্রত্যক্ষ কৰে।

ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ