/asomiyapratidin/media/media_files/2025/08/17/ujjjd-2025-08-17-10-35-34.jpg)
ডিজিটেল ডেস্কঃ দেশৰ এগৰাকী বিখ্যাত ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰলৈ লক্ষ্য কৰি দুবৃৰ্ত্তই গুলীচালনা কৰা ঘটনা সংঘটিত হৈছে। ইউটিউবাৰ গৰাকীৰ ঘৰলৈ কেইবা ৰাউণ্ড গুলীচালনা তথ্য লাভ কৰিছে আৰক্ষীয়ে। গুৰুগ্ৰামস্থিত এলভিছৰ ঘৰত দুৰ্বৃত্তই পুৱা প্ৰায় ৫বজাত এই গুলীচালনাৰ ঘটনা সংঘটিত কৰে।
গুলীচালনাৰ সময়ত ঘৰত এলভিছ উপস্থিত নাছিল বুলি সদৰি কৰিছে। পৰিয়ালৰ আন সদস্যসকল উক্ত সময়ত ঘৰতে উপস্থিত আছিল। দুৰ্বৃত্তৰ গুলীচালনাৰ ভিডিঅ চি চি টিভিত বন্দী হৈছে। এখন বাইকত উঠি আহিছিল এই ৩ দুৰ্বৃত্ত।
সেই সময়ত ঘৰত উপস্থিত থকা এলভিছৰ পিতৃয়ে গুৰুগ্ৰাম আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। পিতৃয়ে সদৰি কৰা মতে, ২৫ৰ পৰা ৩০ৰাউণ্ড গুলী ফুটাইছিল দুৰ্বৃত্তৰ দলটোৱে। উল্লেখ কৰা প্ৰয়োজন যে, এলভিছ যাদৱ ভিন্ন সময়ত বিৰ্তকিত মন্তব্যৰ বাবে চৰ্চাৰ শিখৰত থাকে। বহুকেইটা টিভি ৰিয়েলিটী শ্ব'তো ভাগ লৈছে এই ইউটিউবাৰ গৰাকীয়ে।
এলভিছ যাদৱৰ ইউটিউবত আছে কেইবা মিলিয়ন অনুৰাগী। ইয়াৰ বিপৰীতে ফেচবুকতো ৭০লাখৰো অধিক লোকে ফ'ল কৰে এলভিছক।