চলন্ত ৰে'লত অগ্নিকাণ্ড, ৭০বছৰীয়া বৃদ্ধৰ মৃত্যু...

টাটা-এৰ্নাকুলাম এক্সপ্ৰেছ ৰে'লত ভয়ংকৰ অগ্নিকাণ্ড। দুৰ্ঘটনাত এজন যাত্ৰীৰ মৃত্যু হয়। দেওবাৰে মাজনিশা অন্ধ্ৰ প্ৰদেশৰ ইলামাঞ্চিলিৰ সমীপৰ টাটা-এৰ্নাকুলাম এক্সপ্ৰেছত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়।

author-image
Asomiya Pratidin
New Update
jjjdd

ডিজিটেল ডেস্কঃ  টাটা-এৰ্নাকুলাম এক্সপ্ৰেছ ৰে'লত ভয়ংকৰ অগ্নিকাণ্ড। দুৰ্ঘটনাত এজন যাত্ৰীৰ মৃত্যু হয়। দেওবাৰে মাজনিশা অন্ধ্ৰ প্ৰদেশৰ ইলামাঞ্চিলিৰ সমীপৰ টাটা-এৰ্নাকুলাম এক্সপ্ৰেছত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়।নিশা প্ৰায় ১:৩০ বজাত সংঘটিত হয় এই ঘটনা।

পেণ্ট্ৰি গাড়ীৰ কাষতে থকা বি-১ আৰু এম-২ এচি ডবাত হঠাতে জুইৰ শিখা বিস্ফোৰণ ঘটে। ৰে’লৱেৰ সূত্ৰ অনুসৰি ৰে’লখনৰ লোকো পাইলটসকলে ধোঁৱা আৰু জুই দেখি লগে লগে ৰে’লখন ৰখাই দিয়ে। কিন্তু অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে দুয়োটা এচি ডবা সম্পূৰ্ণৰূপে জুইৰ শিখাই আগুৰি ধৰে।

অগ্নিকাণ্ডৰ ফলত ডবাকেইখন ঘন ধোঁৱাৰে ভৰি পৰাত যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়। বহু যাত্ৰী আতংকিত হৈ ৰেলৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা কৰে। এই দুৰ্ঘটনাত এজন যাত্ৰী জীৱিত অৱস্থাত অগ্নিদগ্ধ হৈ মৃত্যু হয়।  ওচৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ দলসমূহে সেই স্থানত উপস্থিত হয় আৰু যথেষ্ট প্ৰচেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰে।

ৰেলৱেৰ বিষয়াসকলে পৰিস্থিতি পুনৰীক্ষণ কৰি সতৰ্কতামূলক ব্যৱস্থা হিচাপে এম্বুলেন্সলৈ ফোন কৰে। দুৰ্ঘটনাৰ পিছত প্ৰায় ২০০০ যাত্ৰী ষ্টেচনত আবদ্ধ হৈ পৰে, ঠাণ্ডাত দীৰ্ঘ সময় অপেক্ষা কৰিবলগীয়া হয়। এই  ঘটনাই বিজয়াৱাড়াৰ ৭০ বছৰীয়া চন্দ্ৰশেখৰ সুন্দৰৰ প্ৰাণ কাঢ়ি নিলে।

এই ঘটনাই বিশাখাপট্টনম–বিজয়াৱাড়া ৰে’লপথতো ক্ষতিগ্ৰস্ত কৰে। এই পথত কেইবাখনো ৰে’ল বন্ধ বা পলম হৈছিল। পিছত যাত্ৰীসকলক আন ডবালৈ স্থানান্তৰ কৰা হয় আৰু জ্বলি যোৱা ডবাবোৰ আঁতৰোৱাৰ পিছত ৰে’লখনে পুনৰ যাত্ৰা আৰম্ভ কৰে। ৰে’ল প্ৰশাসনে দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দি অগ্নিকাণ্ডৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে। যাত্ৰীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণৰ আশ্বাস দিছে ৰে’লৱে।

ৰেল দুৰ্ঘটনা