চিলাপথাৰত ভয়ানক অগ্নিকাণ্ড...

চিলাপথাৰৰ নামনি চিচি টঙানী গাঁও পঞ্চায়তৰ ৰাংকপ চাপৰি গাঁৱত এখন ঘৰ ভস্মীভূত হোৱা ঘটনাই তীব্ৰ সঞ্চল্যৰ সৃষ্টি কৰিছে। মঙলবাৰে দুপৰীয়া প্ৰায় ১ বজাত সংঘটিত হয় এই ঘটনা।

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত ভয়ানক অগ্নিকাণ্ড...

ডিজিটেল সংবাদ চিলাপথাৰঃ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত নামনি চিচি টঙানী গাঁও পঞ্চায়তৰ ৰাংকপ চাপৰি গাঁৱত এখন ঘৰ ভস্মীভূত হোৱা ঘটনাই তীব্ৰ সঞ্চল্যৰ সৃষ্টি কৰিছে। মঙলবাৰে দুপৰীয়া প্ৰায় ১ বজাত হঠাৎ কোনো অজ্ঞাত কাৰণত গাঁওখনৰ বদিনাথ দলেৰ ঘৰখন জ্বলি উঠে।

Advertisment

অগ্নিকাণ্ডৰ ঘটনাটোত লোক জনৰ তিনিখন কৈ ঘৰ নিমিষতে চাৰখাৰ হৈ যায়। ঘৰখনৰ সমস্ত বয় বস্তু ভস্মিভূত হ'ল। নিমিষতে ছাইত পৰিণত হ'ল বহু মূল্যবান নথি পত্ৰ আৰু আচবাব। কেইবালক্ষ টকাৰ মূল্যৰ সা সম্পত্তি অনিষ্ট সাধন হয়।

দুৰ্ভগীয়া ক্ষতিগ্ৰস্ত পৰিয়ালটোক কিছু অৰ্থসাহায্য প্ৰদান কৰিবলৈ মিছিং স্বায়িত্ব পৰিষদ আৰু চৰকাৰৰ প্ৰতি দাবী জনাইছে মিছিং জাতীয় সংগঠন TMPK, MMK আৰু TMMK চিলাপথাৰ জিলা আৰু আঞ্চলিক সমিতিয়ে।

চিলাপথাৰ অগ্নিকাণ্ড