ৰঙাপৰাত বিধ্বংসী অগ্নিকাণ্ড

নামনি গাঁৱৰ বাসিন্দা ধৰ্মেন্দ্ৰ জয়চৱালৰ বাসগৃহত এই অগ্নিকাণ্ড সংঘটিত

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ   শোণিতপুৰৰ ৰঙাপৰাৰ ১ নং নামনি গাঁৱত সংঘটিত বিধ্বংসী অগ্নিকাণ্ড।অগ্নিকাণ্ডটোৰ ফলত এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মিভূত হয়। 

WhatsApp Image 2025-11-28 at 10.58.53 AM

উল্লেখ্য যে, নামনি গাঁৱৰ  বাসিন্দা ধৰ্মেন্দ্ৰ জয়চৱাল  নামৰ লোকজনৰ বাসগৃহত এই অগ্নিকাণ্ডটো সংঘটিত হৈছিল ৷ লোকজনৰ  বাসগৃহত থকা কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় ৷ নিশা হঠাৎ বাসগৃহত  জুই লগাত এক আতংকময় পৰিস্থিৰ সৃষ্টি হয় ৷ 

WhatsApp Image 2025-11-28 at 10.59.17 AM

তাৰোপৰি স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও  সকলো সম্পত্তি সম্পূৰ্ণৰূপে ভস্মিভূত হয়।ইপিনে শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। 

WhatsApp Image 2025-11-28 at 10.59.51 AM

প্ৰাণিধানযোগ্য যে নিশা ৰঙাপৰা অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত গৈছিল যদিও অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সোমোৱাব নোৱাৰি আধা  ৰাস্তাতে বাহন থব লগা হয় । ইপিনে স্থানীয় ৰাইজেই পাছত নিৰ্বাপিত কৰে জুই । 

জামুগুৰিহাট