/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/0589ca05-18cd-4c97-a53b-724f4e7f2401/fire_and_emergency.jpg)
fire and emergency
ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰ চহৰত মঙলবাৰে মন্ত্ৰী নন্দিতা গাৰ্লচা ভাৰ্চুৱেল মাধ্যমত অগ্নি আৰু আপদকালীন সেৱা আস্থান আনুষ্ঠানিক ভাৱে মুকলি কৰে। উল্লেখযোগ্য যে এই অগ্নি আৰু আপদকালীন সেৱা আস্থান শুভ উদ্ধোধন উপলক্ষে অসম আৰক্ষীৰ মহাপৰিদৰ্শক বিনোদ কুমাৰ মানকাচৰত উপস্থিত হয়।
অনুষ্ঠানত আৰক্ষীৰ মহাপৰিদৰ্শক গৰাকী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে জিলা আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী উপস্থিত থাকি অগ্নি আৰু আপদকালীন সেৱা আস্থানৰ কাৰ্যালয় মুকলি কৰে। ইয়াৰ পাছত আৰক্ষীৰ মহাপৰিদৰ্শক গৰাকীয়ে সাংবাদিকৰ লগত মত বিনিময় কৰে।