অমিত শ্বাহে *** কাটি টেবুলত থৈ দিব লাগেঃ বিৰ্তকিত মন্তব্য কৰি বিপদ চপালে মহুৱা মৈত্ৰই...

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে বিৰ্তকিত মন্তব্য কৰি এইবাৰ বিপদত পৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ। সাংসদগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। উল্লেখ কৰা

author-image
Asomiya Pratidin
New Update
510613f9-c63c-4ed9-b1e1-be6a3a7e73e8

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে বিৰ্তকিত মন্তব্য কৰি এইবাৰ বিপদত পৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ। সাংসদগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। উল্লেখ কৰা প্ৰয়োজন যে, পশ্চিম বংগৰ নদিয়া জিলাৰ এখন সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এই বিৰ্তকিত মন্তব্য কৰিছিল সাংসদ মৈত্ৰই।

সাংসদ মৈত্ৰই কৈছিল যে, যদিহে অমিত শ্বাহে দেশত হোৱা অনুপ্ৰৱেশ বন্ধ কৰিব নোৱাৰে তেন্তে তেওঁৰ মূৰটো কাটি টেবুলত থৈ দিব লাগে। এই ক্ষেত্ৰত সংসদত এখন কঠোৰতম বিল উত্থাপন কৰাৰ পোষকতাও কৰিছিল সাংসদগৰাকীয়ে।

সাংসদগৰাকীৰ এই বিৰ্তকিত মন্তব্যৰ পাছতে ৰায়পুৰৰ মানা জিলাত তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। ভাৰতীয় ন্যায় সংহিতাৰ বি এন এছ ১৯৬ আৰু ১৯৭ ধৰাৰ অধীনত ৰুজু কৰা হৈছে গোচৰ। 

অমিত শ্বাহ