/asomiyapratidin/media/media_files/2025/12/24/1-2025-12-24-14-05-17.jpg)
ডিজিটেল ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ পালক্ষী দাসৰ বিৰুদ্ধে সামাজিক মাধ্যমত অশালীন মন্তব্য কৰাৰ অভিযোগত বিজেপিৰ এজন সদস্যৰ বিৰুদ্ধে গুৱাহাটীত এজাহাৰ দাখিল কৰা হয়। অভিযুক্ত ব্যক্তিজন যোৰহাট জিলা বিজেপিৰ সামাজিক মাধ্যম কোষৰ সদস্য কৰুণা হাজৰিকা বুলি চিনাক্ত কৰা হৈছে।
অভিযোগ অনুসৰি, যোৱা ২২ ডিচেম্বৰত কৰুণা হাজৰিকাই ফেচবুক তথা অন্যান্য সামাজিক মাধ্যমত কংগ্ৰেছ নেত্ৰী পলাক্ষী দাসক লক্ষ্য কৰি অত্যন্ত অশালীন আৰু চৰিত্ৰ হননকাৰী মন্তব্য কৰিছিল। এই ঘটনাই কংগ্ৰেছ দলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।
ইয়াৰ পাছতেই পলাক্ষী দাসে পাণবজাৰ মহিলা আৰক্ষী থানাত উপস্থিত হৈ অভিযুক্তৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাই এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰাৰ সময়ত পলাক্ষী দাসৰ সৈতে এপাচিচিৰ সম্পাদক ত্ৰিদীপ বৰ্মন, জ্যেষ্ঠ মুখপাত্ৰ ৰূপক দাস, অধিবক্তা বনশ্ৰী গগৈ আৰু নেতা নিৰেন বৰা উপস্থিত থাকে।
কংগ্ৰেছ দলে এই কাৰ্যক চৰম নাৰীবিদ্বেষী আৰু এগৰাকী মহিলা নেত্ৰীৰ মৰ্যাদাৰ ওপৰত পোনপটীয়া আক্ৰমণ বুলি অভিহিত কৰিছে। দলটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক এই ঘটনাত হস্তক্ষেপ কৰি অভিযুক্ত সদস্যজনৰ বিৰুদ্ধে সাংগঠনিক তথা আইনী ব্যৱস্থা নিশ্চিত কৰিবলৈ আহ্বান জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us