/asomiyapratidin/media/media_files/2025/10/05/new-ap-web-1-26-2025-10-05-11-07-15.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত থকাৰ সময়তে ছিংগাপুৰৰ অসম এছোচিয়েছনৰ সদস্যসকলৰ বিৰুদ্ধে আন এক গোচৰ দাখিল হৈছে। ড০ হৃদয় হাজৰিকা নামৰ অধিবক্তাগৰাকীয়ে জুবিনৰ মৃত্যুৰ সন্দৰ্ভত ছিংগাপুৰ অসম এছোচিয়েছনৰ বিৰুদ্ধে লতাশিল আৰক্ষী থানাত গোচৰ দাখিল কৰিছে।
ইয়াৰ পূৰ্বে জুবিনৰ মৃত্যুৰ সন্দৰ্ভত দাখিল হোৱা গোচৰসমূহত ছিংগাপুৰৰ অসম এছোচিয়েছনৰ সদস্যসকলৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰি তেওঁলোকৰ নাম সন্নিৱিষ্ট কৰা হৈছিল। জুবিনৰ পত্নী, পৰিয়ালে দাখিল কৰা এজাহাৰতো এইসকল সদস্যক তদন্তৰ আওঁতালৈ অনাৰ দাবী কৰিছিল।
উল্লেখ্য যে, সংস্কৃতি, থলুৱা পৰম্পৰা আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলক তুলি ধৰাৰ উদ্দেশ্যৰে ছিংগাপুৰৰ গৃহমন্ত্ৰণালয়ত পঞ্জীয়ন হৈ আছে অসম এছোচিয়েছন, ছিংগাপুৰ নামৰ সংস্থা। এই এছোচিয়েছনৰ সভাপতি অভিমন্যু তালুকদাৰ, উপ-সভাপতি অত্ৰেয়ী বৰঠাকুৰ আৰু দিগন্ত কুমাৰ দাস, সাধাৰণ সম্পাদক দেৱজ্যোতি হাজৰিকা, যুটীয়া সম্পাদক সুৰজিত গোস্বামী আৰু কোষাধ্যক্ষ গোপা সেন।
তাৰোপৰি এছোচিয়েছনৰ সদস্য হিচাপে আছে অনিবাৰ্ণ পেগু, শ্ৰেষ্ঠা গোস্বামী, ৰক্তিম হাজৰিকা, নিশাত ফাৰহিন ইছলাম আৰু পাৰিজাত বৰা। ইয়াৰে অভিমন্যু তালুকদাৰ আৰু দেৱজ্যোতি হাজৰিকা জুবিনৰ লগত সংঘটিত হোৱা ১৯ ছেপ্তেম্বৰৰ ঘটনাৰ সৈতে সম্পৰ্কিত হৈ আছে।
তেওঁলোকেই জুবিনক অভিশপ্ত দীপটোলৈ য়টৰ জৰিয়তে লৈ যোৱাৰ ব্যৱস্থা কৰিছিল। য়টখন লৈ যোৱাৰ ক্ষেত্ৰত সকলো ব্যৱস্থা কৰিছিল দেৱজ্যোতি হাজৰিকাই।
সেইদিনা জুবিনৰ সৈতে য়টখনৰ জৰিয়তে অভিশপ্ত দীপটোলৈ গৈছিল অসম এছোচিয়েছন ছিংগাপুৰৰ অভিমন্যু তালুকদাৰ, দেৱজ্যোতি হাজৰিকা, তন্ময় ফুকন, ৰূপকমল কলিতা, সিদ্ধাৰ্থ বৰা, পৰীক্ষিত শৰ্মা, সুদীপ্ত চেতাৰ্জী আৰু ৱাজিদ আহমেদ।
এইসকলৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু হৈছে যদিও তেওঁলোকক অসমলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত এতিয়া অসহায়তা প্ৰকাশ কৰিছে স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ শনিবাৰে অসমৰ ৰাইজক উদ্দেশ্যি কয়, ছিংগাপুৰৰ অসম এছোচিয়েছনৰ সদস্যসকলক অসমলৈ আহি চি আই ডিৰ বিশেষ তদন্তকাৰী গোটৰ সৈতে তদন্তত সহযোগিতা কৰিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছে। তেওঁলোকৰ সহযোগিতাৰ অবিহনে যে এই তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নহ’ব সেয়া স্পষ্ট।
তদন্ত প্ৰক্ৰিয়াৰ স্বচ্ছতা নিশ্চিত কৰিবলৈ আৰু ইয়াত কোনো ধৰণৰ ত্ৰুটি নাৰাখিবলৈ ছিংগাপুৰ অসম এছোচিয়েছনৰ এই সদস্যসকলক অসমলৈ আনিবলৈ আইনজ্ঞ তথা আইনী বিশেষজ্ঞসকলেও মত পোষন কৰিছে। গোটেই তদন্ত প্ৰক্ৰিয়াত সহযোগিতা কৰাতো তেওঁলোকৰ নৈতিক দায়িত্ব বুলিও মত পোষণ কৰিছে।
প্ৰয়োজনত তেওঁলোকক অসমলৈ আনি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ যোৱাৰ বাবে সকলোধৰণৰ আইনী প্ৰক্ৰিয়া অনুসৰণ কৰাৰো দাবী উত্থাপন হৈছে। প্ৰয়োজনত ছিংগাপুৰৰ সৈতে ভাৰত চৰকাৰে দ্বিপাক্ষীক চুক্তি, আলোচনা, বুজাপৰা যিয়েই নহওঁক কিয় সকলো পদ্ধতি অনুসৰণ কৰাৰ বাবে দাবী উত্থাপিত হৈছে। কিয়নো জুবিন কেৱল অসমৰে নহয় সমগ্ৰ দেশৰে আইকন।