কলাগুৰুৰ সৃষ্টিক অপমানঃ কৰিশ্মা নাথৰ বিৰুদ্ধে এজাহাৰ জ্যেষ্ঠ সাংবাদিক তোষেশ্বৰ তামুলী ফুকনৰ

অসমৰ সৰ্বজন শ্ৰদ্ধেয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতক অতি শ্ৰুতিকটুভাৱে বিকৃত ৰূপত ৰাজহুৱাকৈ পৰিবেশন কৰা কৰিশ্মা নাথ নামৰ যুৱতীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল।  

author-image
Asomiya Pratidin
New Update
কলাগুৰুৰ সৃষ্টিক অপমানঃ কৰিশ্মা নাথৰ বিৰুদ্ধে এজাহাৰ জ্যেষ্ঠ সাংবাদিক তোষেশ্বৰ তামুলী ফুকনৰ

ডিজিটেল সংবাদ, বেবেজীয়াঃ অৱশেষত অপসংস্কৃতিৰ বিৰুদ্ধে থিয় হ'ল ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক। অসমৰ সৰ্বজন শ্ৰদ্ধেয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতক অতি শ্ৰুতিকটুভাৱে বিকৃত ৰূপত ৰাজহুৱাকৈ পৰিবেশন কৰিছিল কৰিশ্মা নাথ নামৰ এগৰাকী যুৱতীয়ে। 

যুৱতীগৰাকীৰ এই কাণ্ডই কলাগুৰুৰ অনুগামীসকলক গভীৰ ভাবে ব্যথিত কৰি তোলে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো শ্ৰেণীৰ লোকৰ অতি আদৰৰ শিল্পীগৰাকীৰ সৃষ্টিৰ প্ৰতি সামান্যও শ্ৰদ্ধা নথকা এই যুৱতীগৰাকীৰ বিৰুদ্ধে আইনগত ব্যবস্থা গ্ৰহণৰ বাবে আজি হোজাই জিলাৰ লংকা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সাংবাদিক তোষেশ্বৰ তামুলী ফুকনে।

এই সন্দৰ্ভত সাংবাদিকগৰাকীয়ে প্ৰকাশ কৰে যে ৰুচিহীন একাংশ লোকে ৰাজ্যৰ বৰেণ্য শিল্পীসকলৰ সৃষ্টিক লৈ কৰা এই অপকৰ্ম শীঘ্ৰেই বন্ধ হোৱা উচিত আৰু সেই উদ্দেশ্যেই তেওঁ এই এজাহাৰ দাখিল কৰিছে। তেওঁ লগতে এনে অপকৰ্মৰ বিৰুদ্ধে সকলোকে সৰৱ হ’বলৈকো আহ্বান জনায়।

বিষ্ণুপ্ৰসাদ ৰাভা