/asomiyapratidin/media/media_files/2026/01/29/grdtesfdfdf-2026-01-29-12-20-15.jpg)
ডিজিটেল ডেস্কঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত দাখিল কৰিব অৰ্থনৈতিক জৰীপ ২০২৫–২৬। বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগে মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ নিৰ্দেশনাত এই নথি প্ৰস্তুত কৰিছে। এই অৰ্থনৈতিক জৰীপত দেশৰ বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতি আৰু ভৱিষ্যতৰ দৃষ্টিভংগীৰ বিস্তৃত পৰ্যালোচনা আগবঢ়োৱা হৈছে।
অৰ্থনৈতিক জৰীপ সন্দৰ্ভত দিয়া ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উল্লেখ কৰে যে, এই সময়ত দেশৰ মনোযোগ কেন্দ্ৰীয় বাজেটৰ ওপৰত কেন্দ্ৰীভূত হোৱাটো স্বাভাৱিক, কিয়নো ইয়াৰ দ্বাৰা দেশৰ অৰ্থনৈতিক দিশ আৰু উন্নয়নৰ অগ্ৰাধিকাৰ নিৰ্ধাৰণ কৰা হয়। অৱশ্যে চৰকাৰৰ পৰিচয় কেৱল বাজেটতে সীমাবদ্ধ নহয়। বিগত এটা বছৰত চৰকাৰে "সংস্কাৰ, পৰিৱেশন, আৰু ৰূপান্তৰ" নীতিৰ জৰিয়তে দেশৰ উন্নয়নক নতুন গতি প্ৰদান কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ দীৰ্ঘম্যাদী উন্নয়নৰ লক্ষ্যৰ কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে। তেওঁ কয় যে, একবিংশ শতিকাৰ প্ৰথম চতুৰ্থাংশ সম্পূৰ্ণ হৈছে, আৰু পৰৱৰ্তী পৰ্যায় এতিয়া আৰম্ভ হৈছে। ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অহা ২৫ বছৰ অতি গুৰুত্বপূৰ্ণ হ’ব।
উল্লেখযোগ্য যে, দেওবাৰে নৱমবাৰৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব কেন্দ্ৰীয় বাজেট । প্ৰথম পৰ্যায়ৰ বাজেট অধিবেশন অহা মাহৰ ১৩ তাৰিখলৈকে অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ বাজেট অধিবেশন অহা ৯ মাৰ্চৰ পৰা ২ এপ্ৰিললৈ অনুষ্ঠিত হ’ব। বাজেট অধিবেশনৰ সময়ত ৩০খন বৈঠক অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us