/asomiyapratidin/media/media_files/2025/09/26/whatsapp-image-2025-09-26-15-51-25.jpeg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি চি আই ডি কাৰ্যালয়ত উপস্থিত হয় শিল্পী সমাজ। ফিল্ম ফেটাৰনীতি অসমৰ সভাপতি হিতেশ বৰুৱা, অভিনেতা যতীন বৰুৱা, ছবি পৰিচালক শশাংক সমীৰৰ লগতে অসমীয়া চলচিত্ৰ উদ্যোগৰ সৈতে জড়িত কেবাগৰাকীও লোকে জুবিনৰ মৃত্যু সন্দৰ্ভত চি আই ডিক এজাহাৰ দাখিল কৰে।
চি আই ডি কাৰ্যালয়ত উপস্থিত প্ৰতিগৰাকীৰে ভাষ্য লোৱা বুলি জানিব দিয়ে যতীন বৰাই। এই সন্দৰ্ভত যতীন বৰাই কয় যে, ফিল্ম ফেটাৰনীতি অসমৰ সভাপতি হিতেশ বৰুৱাৰ নেতৃত্বত অহা এই দলটোৱে শিল্পী জুবিন গাৰ্গৰ বাবে এক পানী নসৰকা তদন্তৰ দাবী কৰিছে।
এই ক্ষেত্ৰত চি আই ডিয়ে তেওঁলোকক সৰ্বত্ৰো প্ৰকাৰে সমৰ্থন জনাব বুলিও অভিনেতা গৰাকীয়ে উল্লেখ কৰে।সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, শ্যামকানু মহন্তৰ লগতে সেই মুহূৰ্তত ঘটনাস্থলীত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিকে তদন্তৰ আওতালৈ আনিবলাগে দাবী উত্থাপন কৰিছে যতীন বৰাই।
তাৰোপৰি নৰ্থ ইষ্ট ফেষ্টিভেলে কিদৰে উত্তৰ-পূবৰ উন্নতি সাধন কৰিছে বুলিও তেওঁ প্ৰশ্ন কৰে?তেওঁ আৰু কয়, ডা০ হিতেশ বৰুৱাই পূৰ্বতে কেবাবাৰো সিদ্ধাৰ্থক জুবিনক পানী আৰু জুইৰ পৰা আঁতৰাত ৰখাৰ নিৰ্দেশ দিছিল।
লগতে সময়ত ঔষধ খোৱাবলৈও পৰামৰ্শ দিছিল যদিও জুবিনক মৃত্যুৰ দুদিন পূৰ্বৰ পৰা ঔষধ দিয়া হোৱা নাছিল বুলি ক্ষোভ উজাৰে যতীন বৰাই। মই প্ৰায়ে জুবিনক নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ নল'বলৈ বুজাইছিলো। আৰু অৱশেষত এই ঘটনা ঘটিল বুলি শোক প্ৰকাশ কৰে অভিনেতা গৰাকীয়ে।