৯-১২ জানুৱাৰীলৈ "পঞ্চম আত্মনিৰ্ভৰ ধেমাজি"ৰ আয়োজন

বুধবাৰে ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা সংবাদমেলত এই কথা সদৰী কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগুৱে ৷  

author-image
Asomiya Pratidin
New Update
fdsfdssdssssssssss

ডিজিটেল সংবাদ, ধেমাজিঃ । বুধবাৰে ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা সংবাদমেলত এই কথা সদৰী কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগুৱে ৷  

মন্ত্ৰীগৰাকীয়ে উল্লেখ যে, এই "আত্ম নিৰ্ভৰ ধেমাজিত " ধেমাজি জিলাৰ বিভিন্ন আত্মসহায়ক গোট, উদ্যোগী, উদ্যমী কৃষকৰ লগতে ৰাজ্যৰ কেইবাখনো স্বায়ত্ত শাসিত পৰিষদে অংশ ল'ব ৷ ঘাইকৈ আত্মসহায়ক গোট, উদ্যোগীসকলক এখন উপযুক্ত বাণিজ্যিক মঞ্চ প্ৰদানৰ লগতে আধুনিক প্ৰযুক্তিৰ সৈতে পৰিচয় কৰাই দিয়াৰ মহান উদ্দেশ্যৰে আয়োজন কৰা এই মেলাত ৰাজ্যৰ বহুকেইজন প্ৰতিষ্ঠিত উদ্যোগীয়েও অংশ ল'ব ৷ 

ইফালে, ধেমাজি জিলা প্ৰশাসন, ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰ, বিভিন্ন স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত অনুষ্ঠিত কৰিবলৈ বিচৰা এই "আত্ম নিৰ্ভৰ ধেমাজি"ত সকলোৰে সহযোগ কামনা কৰে মন্ত্ৰীগৰাকীয়ে ৷ সংবাদমেলত জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰা, জিলা নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ , ধেমাজি পৌৰ সভাৰ উপ সভাপতি বিপ্লৱ কোঁৱৰ আৰু সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ সোনোৱালকে ধৰি বহু কেইজন লোক উপস্থিত থাকে ৷

ধেমাজি