/asomiyapratidin/media/media_files/2025/12/06/whatsapp-image-2025-12-06-16-06-23.jpeg)
ডিজিটেল ডেস্কঃ শান্তিৰ পুৰস্কাৰ লাভ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ৱাশ্বিংটনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক FIFAৰ অধ্যক্ষ জিয়ানি ইনফান্টিনোৱে ফিফাৰ নতুনকৈ প্ৰৱৰ্তন কৰা “শান্তি পুৰস্কাৰ” প্ৰদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/06/whatsapp-image-2025-12-06-16-02-27.jpeg)
উল্লেখ্য যে, শুকুৰবাৰে ৱাশ্বিংটন ডি চিৰ কেনেডি চেণ্টাৰত অনুষ্ঠিত এক অনুষ্ঠানত ট্ৰাম্পক এই সন্মান প্ৰদান কৰা হয়। তেওঁক সোণৰ ট্ৰফী আৰু পদক প্ৰদান কৰে। ইপিনে, ট্ৰাম্পক শান্তি বঁটা প্ৰদান কৰাৰ বাবে বহুতে সমালোচনা কৰিছে। ফিফাৰ অধ্যক্ষ জিয়ানি ইনফান্টিনো আৰু ট্ৰাম্প ঘনিষ্ঠ মিত্ৰ। এই বঁটাটো ফিফাৰ পৰম্পৰাগত মনোযোগৰ পৰা আঁতৰি আহিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/06/whatsapp-image-2025-12-06-16-03-17.jpeg)
তাৰোপৰি সমালোচকসকলে ইয়াৰ কাৰণ ট্ৰাম্প আৰু ফিফাৰ অধ্যক্ষৰ মাজৰ ঘনিষ্ঠতা বুলি কয়। ইপিনে এই বঁটা লাভ কৰাৰ পাছত ড’নাল্ড ট্ৰাম্পে কয় যে, এয়া মোৰ জীৱনৰ অন্যতম উপহাৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/06/whatsapp-image-2025-12-06-16-04-02.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us