/asomiyapratidin/media/media_files/2025/09/29/yyjjjd-2025-09-29-11-13-32.jpg)
ডিজিটেল ডেস্কঃ জি এছ টিৰ নতুন শ্লেবৰ পাছতে দেশত বৃদ্ধি পাইছে সোণৰ গহণাৰ বিক্ৰী। এই কথা শেহতীয়াকৈ সদৰি কৰিছে টাটা কনজিউমাৰ প্ৰডাক্টছৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া সুনীল ডিছৌজাই। উৎসৱৰ বতৰত ইয়াৰ এই বিক্ৰী গতি আৰু অধিক তুৰাম্বিত হ'ব বুলি সদৰি কৰিছে বিষয়াগৰাকীয়ে।
জি এছ টি কৰ্তনৰ পাছত দেশৰ সোণৰ গহণাৰ বিক্ৰী প্ৰায় ১৫-১৬শতাংশ বৃদ্ধি পাইছে। উল্লেখ্য যে, ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱা নতুন জি এছ টি হাৰত পোনপটীয়াকৈ বহু জনপ্ৰিয় সামগ্ৰীৰ ব্যয় হ্ৰাস পাইছে। এই উৎসৱৰ বতৰত গ্ৰাহকৰ চাহিদা তীব্ৰভাৱে বৃদ্ধি পাইছে, যোৱা বছৰৰ তুলনাত নৱৰাত্ৰিৰ প্ৰথম দুদিনত বিক্ৰী ২৩–২৫ শতাংশ বৃদ্ধি পাইছে বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে।
স্মাৰ্টফোন, সঁজুলি, ফেশ্বন, আৰু সুস্থতা সামগ্ৰীৰ দৰে শ্ৰেণীসমূহে শক্তিশালী বৃদ্ধি লাভ কৰিছে, QLED আৰু মিনি-এলইডি টিভি, উন্নত ৱাশ্বিং মেচিন, আৰু ফ্লেগশ্বিপ স্মাৰ্টফোনৰ দৰে প্ৰিমিয়াম গেজেটৰ চাহিদা অধিক। বিক্ৰীৰ হুলস্থুলৰ ফলত ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকলেও লাভৱান হৈছে। আমাজনৰ মতে, ১৬ হাজাৰতকৈ অধিক এছএমবিৰ বিক্ৰী সাধাৰণ দিনৰ তুলনাত তিনিগুণ বৃদ্ধি পাইছে, এই গতিবেগৰ বহুখিনি অ-মেট্ৰ’ বজাৰৰ পৰা আহিছে।