কৃষক বিক্ষোভঃ ৩ ডিচেম্বৰত কি পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে…

কৃষক বিক্ষোভঃ ৩ ডিচেম্বৰত কি পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে…

ডিজিটেল ডেস্কঃ বিগত ৫ দিনৰ ধৰি নিৰন্তৰ চলি থকা কৃষক আন্দোলনক প্ৰসমিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে কৃষক সকলৰ লগত আলোচনাত মিলিত হোৱা প্ৰস্তুতি চলাইছে। কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰেএই বিষয়ে কয় যে, এই বৈঠক ডিচেম্বৰ মাহত ৰাজধানী চহৰ দিল্লীৰ বিজ্ঞান ভৱনত বিয়লি ৩ বজাত অনুষ্ঠিত হ'ব।

উল্লেখ্য যে, ১৩ নবেম্বৰত অনুষ্ঠিত বৈঠকত উপস্থিত থকা সকলো কৃষক নেতাক  এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ পূৰ্বে কৃষক সংগঠনে পুৱা ১১ বজাত এখন প্ৰেছ মিটৰ আয়োজন কৰিছে।চৰকাৰৰ ফালৰ পৰা কি সাম্ভাৱ্য প্ৰস্তাৱ ৰখা হ'ব সেই বিষয়ে চিন্তা চৰ্চা কৰা হৈছে।

অনুমান কৰা হৈছে এই বৈঠকত নুন্যতম সমৰ্থন মূল্যক লৈ কৃষকক আশ্বস্ত কৰাৰ প্ৰয়াস কৰা হ'ব আৰু ইয়াৰ লগতে তিনিওখন কৃষি আইনক লৈ কৃষকৰ শংকা দূৰ কৰা হ'ব। আন্দোলনকাৰী কৃষকসকলক সকলো প্ৰকাৰৰ আশ্বাস দিয়া হ'ব বুলিও আশা কৰা হৈছে যে  এই বৈঠকৰ জৰিয়তে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in